Local, Vocal, Global

Mariani body recover : মৰিয়নীত চাঞ্চল্যকৰ ঘটনা

মৰিয়নী, ৫জুন’ : মৰিয়নী কাটনীবাৰী চাহ বাগিচাত চাঞ্চল্যকৰ ঘটনা। মৰিয়নী কাটনীবাৰী চাহ বাগিচাত উদ্ধাৰ মৃতদেহ। সম্পূৰ্ণ উলংগ অৱস্থাত উদ্ধাৰ হয় এগৰাকী অচিনাক্ত লোকৰ মৃতদেহ(Mariani body recover)৷ মৃতদেহটো প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে আৰু লগে লগে খবৰ দিয়ে আৰক্ষীক ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰাৰ লগতে বিভিন্ন লোকক সোধাপোছা কৰে (Youth body found in Mariani) ৷

প্ৰাপ্ত খবৰ অনুসৰি, দেওবাৰে নিশাৰ ভাগত মৰিয়নী ৰেল ষ্টেচনৰ ৱেষ্ট কেবিনৰ কাষৰ কাটনীবাৰী বাগিচাৰ মাজত উলংগ অৱস্থাত এগৰাকী পুৰুষৰ মৃতদেহ স্থানীয় লোকে প্ৰত্যক্ষ কৰে আৰু ঘটনা সন্দৰ্ভত মৰিয়নী আৰক্ষীক খবৰ দিয়ে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে (Body found in Mariani)৷

মৰিয়নী ৰে’লৱে ষ্টেচনৰ পৰাৰ নাতিদূৰৈত উলংগ অৱস্থাত ব্যক্তিৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই মৰিয়নী নগৰত তীব্ৰ চাঞ্চল্যৰ বিৰাজ কৰিছে । একাংশ লোকৰ মতে ব্যক্তিজনে আত্মহত্যা কৰা নাই তেওঁক হত্যা কৰা হৈছে ৷ কিয়নো যদি তেওঁ আত্মহত্যা কৰিলেহেঁতেন তেন্তে উলংগ অৱস্থাত আত্মহত্যা নকৰিলেহেতেন । এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি দাবী কৰে। সেয়েহে এই ঘটনাক আৰক্ষীয়ে গুৰুত্ব সহকাৰে গ্ৰহণ কৰি এই হত্যাকাণ্ডৰ লগত জড়িত থকা মূল অভিযুক্তক কৰায়ত্ব কৰি কঠোৰৰ শাস্তি প্ৰদানৰ দাবী প্ৰদানৰ দাবী জনাই ।
কিন্তু বৰ্তমানেও এয়া হত্যা নে আন কিবা সেয়া ৰহস্যৰ আৱৰ্তত। উক্ত ব্যক্তিজনক এই পৰ্যন্ত চিনাক্তকৰণ কৰিব পৰা হোৱা নাই(Body recovered in Mariani) ৷

তাৎপৰ্যপূৰ্ণ যে, ৰাজ্যত প্ৰতিদিনে উদ্ধাৰ হয় এটাৰ পিছত আন এটা ৰহস্যজনক মৃতদেহ। প্ৰতিদিনে সংবাদ মাধ্য়মৰ শিৰোনাম দখল কৰে মৃতদেহ উদ্ধাৰৰ ঘটনাই। ৰাজ্যত প্ৰতিদিনে বৃদ্ধি হৈছে অপৰাধ আৰু অপৰাধীৰ সংখ্যা ।আৰক্ষী যিমানে সষ্টম হৈছে সিমানে একাংশ দুষ্ট চক্ৰই চলাই আছে অপৰাধ।চোৰ ,ডকাইটি ,ড্ৰাগছ সৰবৰাহ ,বহিৰাজ্য লৈ গৰু সৰবৰাহকাৰী লগতে একাংশই নকল সোণৰ ৰমৰমীয়া ব্য়ৱসায় চলাই আছে ।

লগতে পঢ়ক : ‘Sri Raghupati’ will be Released Today : আজি মুক্তি পাব ৰবি শৰ্মা অভিনীত চলচ্চিত্ৰ ‘ শ্ৰী ৰঘুপতি’