Local, Vocal, Global

Hemkund Sahib Yatra Uttarakhand : উত্তৰাখণ্ডৰ চামোলীত হিমস্খলনৰ ফলত মৃত্যু এগৰাকী মহিলাৰ

নেশ্যনেল ডেস্ক, ৫ জুন : হেমকুণ্ডৰ যাত্ৰাৰ পথত সংঘটিত হৈছে এক হিমস্খলনৰ ঘটনা (Hemkund Sahib Yatra) । হিমস্খলনৰ ফলত আৱদ্ধ হৈ পৰে ছয়গৰাকী তীৰ্থ যাত্ৰী ৷ তাৰে মাজৰ পাঁচগৰাকী তীৰ্থযাত্ৰী উদ্ধাৰ কৰা হৈছে আনহাতে এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ কৰা হয় ।

উত্তৰাখণ্ডৰ চামোলী জিলাৰ যোশীমঠৰ সমীপত সংঘটিত হৈছে এই ঘটনা । ঘটনা অনুসৰি দেওবাৰে হেমকুণ্ডত হিমস্খলনৰ ফলত আৱদ্ধ হৈ পৰে মুঠ ছয়জন তীৰ্থযাত্ৰী (Hemkund Sahib Yatra)। ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ পিছতে উক্ত স্থানত উপস্থিত হয় SDRF আৰু আৰক্ষীৰ দল (State Disaster Response Force) । ইয়াৰ পিছতে উদ্ধাৰকাৰী দলে পাঁচগৰাকী তীৰ্থযাত্ৰীক নিৰাপদে উদ্ধাৰ কৰিবলৈ সক্ষম হয় । অৱশ্যে এই ঘটনাৰ পাছতে নিৰুদ্দেশ হৈ আছিল এগৰাকী মহিলা ভক্ত ৷ গভীৰ নিশালৈকে মহিলা গৰাকীৰ সন্ধানত উদ্ধাৰ অভিযান অব্যাহত ৰখা হৈছিল যদিও আন্ধাৰৰ বাবে আধাতে উদ্ধাৰ অভিযান বন্ধ কৰিব লগা হয় । ইয়াৰ পিছতে আজি পুৱাৰে পৰা পুনৰ আৰম্ভ কৰা হয় উদ্ধাৰ অভিযান ।

ইতিমধ্যে SDRF বাহিনীয়ে বৰফৰ তলত পুত খাই থকা অৱস্থাত উদ্ধাৰ কৰা হয় মহিলাগৰাকীৰ মৃতদেহ । নিহত মহিলাগৰাকীক কমলজীত কৌৰ বুলি চিনাক্ত কৰা হয় । মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি SDRF বাহিনীয়ে আৰক্ষীক গতাই দিয়ে । হেমকুণ্ড চাহাব যাত্ৰা পথৰ আটলাজোদীৰ সমীপত সংঘটিত হয় এই হিমস্খলন।

ইফালে চমোলিৰ আৰক্ষী অধীক্ষক প্ৰমেন্দ্ৰ ডোবালে উল্লেখ কৰা অনুসৰি, দেওবাৰে হেমকুণ্ড চাহাব যাত্ৰা পথৰ আটলাজোডীৰ সমীপত হৈছিল হিমস্খলন ৷ এই হিমস্খলনত আৱদ্ধ হৈ পৰিছিল মুঠ ছয়জন যাত্ৰী ৷ অৱশ্যে SDRF আৰু আৰক্ষীৰ তৎপৰতাত পাঁচজন যাত্ৰীক নিৰাপদে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ কিন্তু নিৰুদ্দেশ হৈ পৰে এগৰাকী মহিলা ৷ অৱশ্যে SDRF, ITBP জোৱানৰ সহাযোগত উদ্ধাৰ কৰা হয় সন্ধানহীন মহিলাগৰাকীৰ মৃতদেহ ৷

লগতে পঢ়ক : Mariani body recover : মৰিয়নীত চাঞ্চল্যকৰ ঘটনা