Local, Vocal, Global

‘Sri Raghupati’ will be Released Today : আজি মুক্তি পাব ৰবি শৰ্মা অভিনীত চলচ্চিত্ৰ ‘ শ্ৰী ৰঘুপতি’

এণ্টাৰটেইণ্টমেণ্ট ডেস্ক, ৫ জুন : অৱশেষত আজি ছবিগৃহত মুক্তি লাভ কৰিব ৰবি শৰ্মা অভিনীত নতুন অসমীয়া চলচ্চিত্ৰ ‘শ্ৰী ৰঘুপতি’ (‘Sri Raghupati’ to release today) । ইতিমধ্যে গুৱাহাটী উচ্চ ন্যায়ালয়ে এক আপীলৰ ভিত্তিত ছবিখনৰ ওপৰত থকা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিছে (Gauhati High Court) ।

আজি পুৱা ১১ বজাৰ পৰা ছবিখন প্ৰদৰ্শনৰ অনুমতি প্ৰদান কৰিছে ন্যায়ালয়ে । কিন্তু আদালতৰ আনুষ্ঠানিক পত্ৰ লাভ নকৰাৰ বাবে ১১ বজাত প্ৰদৰ্শন কৰিব নোৱাৰিলে বুলি জানিব পৰা গৈছে । আজি বিয়লিৰ ভাগত ছবিখন উপভোগ কৰিব পাৰিব দৰ্শকে ।

জানিব পৰা মতে উচ্চ ন্যায়ালয়ে সমগ্ৰ গোচৰটোৱেই নিষ্পত্তি কৰিলে।

উল্লেখ্য যে, জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাৰ বহু চৰ্চিত অসমীয়া চিনেমা ‘শ্ৰী ৰঘুপতি’ক লৈ সৃষ্টি হৈছিল অনিশ্চয়তা । ২ জুনত মুক্তি পাবলগীয়া শ্ৰীৰঘুপতি চিনেমাখনক ১ জুন বৃহস্পতিবাৰে কামৰূপ জিলা অতিৰিক্ত সত্ৰ ন্যায়াধীশ আদালতে চিনেমাখনৰ মুক্তিত বাধা প্ৰদান কৰাই নহয় অনিৰ্দিষ্ট কাললৈ প্ৰদৰ্শনত নিষেধাজ্ঞা আৰোপ কৰিছিল (Kamrup Additional Satra Judge) । ধৃতিমান শৰ্মা নামৰ এজন যুৱকৰ আৱেদনৰ ভিত্তিতে এই ৰায় প্ৰদান কৰিছিল ন্যায়ালয়ে । অভিযোগ অনুসৰি এই চিনেমাখন ‘ল’কাছ ক্ৰিয়েটিভ প্ৰডাকচন’ৰ বেনাৰত নিৰ্মাণ কৰাৰ কথা আছিল । ইয়াৰ বাবে প্ৰযোজক ধৃতিমান শৰ্মাই অগ্ৰীম ধনো প্ৰদান কৰিছিল ।

কিন্তু পৰৱৰ্তী সময়ত এই চিনেমাখন ময়ূৰাক্ষী শৰ্মাৰ প্ৰযোজনাত ‘মণিৰত্ন এণ্টাৰটেইনমেণ্ট’ৰ বেনাৰত নিৰ্মাণ কৰা হয় আৰু মুক্তিৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰে । এই ক্ষেত্ৰত ৰবি শৰ্মাই পূৰ্বৰ প্ৰযোজকৰ সৈতে হোৱা চুক্তি ভংগ কৰাৰ কথাও উল্লেখ কৰিছিল। এই সন্দৰ্ভত অভিনেতা ৰবি শৰ্মাই কৈছিল, চিনেমাখনৰ মালিকিস্বত্বৰ ওপৰত বিতৰ্ক হোৱাৰ কোনো প্ৰয়োজন নাই ৷ এই বিতৰ্কৰ প্ৰধান উদ্দেশ্য হৈছে আমাক সমস্যাত পেলোৱা।

চিনেমাখনৰ মুক্তিৰ পূৰ্বে সৃষ্টি হোৱা এনে অভাৱনীয় পৰিস্থিতিৰ ফলত যদি ছবিখনৰ ক্ষতি হয় তেন্তে ইয়াৰ ক্ষতিপূৰণ বিচাৰি আদালতৰ দ্বাৰস্থ হোৱাৰো হুংকাৰ দিছিল অভিনেতাগৰাকীয়ে।

ইতিমধ্যে নিম্ন আদালতৰ এই ৰায়ৰ বিৰুদ্ধে ৫ জুন অৰ্থা সোমবাৰে শ্ৰীৰঘুপতিৰ প্ৰযোজকে আৱেদন দাখিল কৰে আৰু গুৱাহাটী উচ্চ ন্যায়লয়ে নিম্ন আদালতৰ পূৰ্বৰ ৰায় খাৰিজ কৰি চিনেমাখনক ছবিগৃহত মুক্তিৰ অনুমতি প্ৰদান কৰে ।

লগতে পঢ়ক : World Environment Day 2023 : আজি বিশ্ব পৰিৱেশ দিৱস, এইবৰ্ষৰ বিষয়বস্তু “প্লাষ্টিক এৰো পৃথিৱী গঢ়ো”