Local, Vocal, Global

Again Train accident in Odisha: উড়িশাত পুনৰ ৰে’ল দুৰ্ঘটনা, ট্ৰেকৰ পৰা বাগৰিল চাৰিটা ডবা

নেশ্যনেল ডেস্ক, ৫ জুন: উড়িশাত আন এক ৰে’ল দুৰ্ঘটনা । ওড়িশাত শুকুৰবাৰে সংঘটিত হোৱা ৰে’ল দুৰ্ঘটনাৰ উত্তেজনা মাৰ নৌযাওঁতেই এইবাৰ বৰগড়ৰ ভাটলীৰ সমীপত সংঘটিত হৈছে ৰে’ল দুৰ্ঘটনাটো (Another train derailed near bhatli of Bargarh) । প্ৰাপ্ত তথ্য অনুসৰি বৰগড়ৰ ভাটলীৰ সম্বৰ্ধৰাৰ সমীপত এখন মালবাহী ৰে’ল লাইনচ্যুত হৈছে । চূণশিল ভৰ্তি ৰে’লখন ডুংগুৰি খনিৰ পৰা বৰগড়লৈ গৈ থকা অৱস্থাতে ৪টা ডবা লাইনচ্যুত হোৱা বুলি জানিব পৰা গৈছে । এই খবৰে সকলোৰে মন পুনৰ আতংকিত কৰি তুলিছে ।

অৱশ্যে এই দুৰ্ঘটনাটোত কোনো লোক হতাহত হোৱা নাই বুলি তথ্যত প্ৰকাশ । বৰগড় এচিচি চিমেণ্ট ফেক্টৰীলৈ চূণশিল কঢ়িয়াই নিয়াৰ সময়তে ভাটলী সম্বৰ্ধৰাৰ সমীপত ৰেলপথৰ পৰা ওলাই লাইনচ্যুত হয় মালবাহী ৰে’লখন (Goods train derails in Bargarh) । মালবাহী ৰে’লখনৰ ইঞ্জিনৰ সংলগ্ন ৪টা ডবা ৰেলৰ কনচেপ্টৰ পৰা নামি বাগৰি পৰে । ৰেল বিভাগৰ কৰ্মচাৰীৰ মতে, ইঞ্জিন আৰু ডবা সংযোগী অক্ষ ভাঙি যোৱাৰ বাবেই এই দুৰ্ঘটনাটো সংঘটিত হয় আৰু ৪টা ডবা বাগৰি পৰে । জানিব পৰা মতে এই ৰে’লৱে ট্ৰেকটোৰ ৰক্ষণাবেক্ষণ আৰু চোৱাচিতাৰ দায়িত্ব এটা চিমেণ্ট কোম্পানীয়ে লৈ আহিছিল । এই ৰে’লপথটোৰে মাত্ৰ এখনহে ৰে’ল চলাচল কৰে বুলি ইষ্ট ক’ষ্ট ৰে’লৱেই স্পষ্ট কৰিছে ।

যোৱা শনিবাৰে সন্ধিয়া বালাশ্বৰৰ ভঙাত কৰমণ্ডল এক্সপ্ৰেছ ৰে’লখন ভয়াৱহ দুৰ্ঘটনাত পতিত হৈছিল (Odisha Train Accident) । দুখন ছুপাৰফাষ্ট এক্সপ্ৰেছ আৰু এখন মালবাহী ৰেলৰ সংঘৰ্ষত ২৭৫ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে ১০০০ৰো অধিক লোক আহত হৈছে । এই ভয়ংকৰ ৰেল দুৰ্ঘটনাই সমগ্ৰ বিশ্বক কঁপাই তুলিছে ।

লগতে পঢ়ক : Odisha Train Accident : পিতৃ-মাতৃক হেৰুওৱা শিশুৰ শিক্ষাৰ দায়িত্ব ল’ব আদানী গ্ৰুপে