Local, Vocal, Global

বিশিষ্ট গীতিকাৰ,সুৰকাৰ মন্মথ বৈশ্য আৰু নাই

অসমৰ সাংস্কৃতিক জগতৰ আন এক বৃহৎ ক্ষতি। জীৱেশ্বৰ ডেকাৰ পিছত বিশিষ্ট গীতিকাৰ,সুৰকাৰ, কবি, সাহিত্যিক, লোকসংগীতৰ সাধক শিল্পী মন্মথ বৈশ্যৰ দেহাৱসান। চিকিৎসাধীন হৈ আছিল শিল্পীগৰাকী। সোমবাৰে নিশা ৭৪ বছৰ বয়সত দেহাৱসান ঘটে বিশিষ্ট শিল্পীগৰাকীৰ। দুৰদৰ্শন-ৰেডিঅ’ৰ স্বীকৃতিপ্ৰাপ্ত শিল্পী আছিল মম্মথ বৈশ্য।

অ’ ফুলেশ্বৰী,নমামী ব্ৰহ্মপুত্ৰ,নাচে নয়নে দিবানি সি যশোৱা নন্দন (চিনাকি অচিনাকি), জালুকবাৰী আজি গাভৰু হ’ল( ভূপেন হাজৰিকা দেৱৰ স্মৃতিত) আদি আছিল তেওঁৰ অমৃতময় সৃষ্টি।

বহুতো লোকগীতৰ স্বষ্টা মন্মথ বৈশ্যৰ বিয়োগ অসমীয়া সাংস্কৃতিক জগতৰ এক অপূৰণীয় ক্ষতি।