Local, Vocal, Global

অইলৰ বিষয়াৰ পত্নী মণিতা চেত্ৰীৰ ছুইচাইড নোট

৩ বছৰীয়া কণমানি পুত্ৰক নিঠৰুৱা কৰি আত্মহত্যাৰ পথ বাচি লৈছিল দুলীয়াজানৰ অইল ইণ্ডিয়াৰ এগৰাকী বিষয়াৰ পত্নী মণিতা চেত্ৰীয়ে। মৃত্যুৰ পূৰ্বে মণিতাই নিজৰ ফেচবুকৰ এটা পোষ্টত কিয় আত্মহত্যাৰ দৰে সিদ্ধান্ত ল’লে সেই বিষয়ে সদৰি কৰিছিল। মণিতাই ফেচবুকত ইংৰাজী ভাষাত লিখিছিল পোষ্টটো। ‘MY UNTOLD STORY’ বুলি আৰম্ভ কৰি মণিতাই লিখিছিল… ‘এজন সৎ আৰু বিশ্বাসী স্বামী লাভ কৰিব পৰাকৈ মই ইমান ভাগ্যশালী নাছিলো.. তদুপৰি দৈনিক ঘৰুৱা হিংসা আৰু মানসিক নিৰ্যাতন সহ্য কৰিব পৰাকৈ মই সিমান শক্তিশালীও নাছিলো… মোৰ বিয়াৰ পৰা এতিয়ালৈকে বহু বছৰ হৈ গ’ল… মই মৃতৰ দৰে জীয়াই আছো… আৰু এতিয়া মই ভাগৰুৱা… মই কোনো আশা দেখা নাই… কোনেও অনুভৱ কৰিব নোৱাৰে এনে এটি কণমানি আৰু নিষ্পাপ শিশুক এৰি থৈ যোৱা কিমান কঠিন… কিন্তু মোৰ আন কোনো উপায় নাই… সেয়ে ভগৱানক মোৰ এটাই প্ৰাৰ্থনা, ‘হে ভগৱান, তুমি সদায় মোৰ কণমানিটোক ৰক্ষা কৰিবা আৰু তাৰ কাষত থাকিবা। কিয়নো মই অবিহনে সি হৈ পৰিব অতিকে নিঃসংগ… অ’ মোৰ কণমানি পুত্ৰ, পাৰিলে মোক ক্ষমা কৰি দিবা… তোমাৰ মাৰাই সদায় তোমাক বহুত ভাল পাই থাকিব…’। মণিতা চেত্ৰীৰ এই মৰ্মস্পৰ্শী ফেচবুক পোষ্টৰ পৰা স্পষ্ট যে স্বামীৰ শাৰীৰিক আৰু মানসিক নিৰ্যাতনৰ বাবেই বিবাহ বাৰ্ষিকীৰ দিনাই আত্মহত্যাৰ পথ বাচি ল’বলৈ বাধ্য হ’ল মণিতা চেত্ৰীয়ে। ইতিমধ্যে দুলীয়াজান আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মণিতাৰ স্বামী অইলৰ বিষয়া কিৰণ চেত্ৰীক। অইল ইণ্ডিয়াৰ আৱাসিক ক’লনীত থকা কোৱাৰ্টাৰৰ শোৱণি কোঠাৰ চিলিং ফেনত চিপ লৈ এক ডিচেম্বৰৰ নিশা আত্মহত্যা কৰিছিল মণিতাই। জাগীৰোডৰ জীয়ৰী মণিতাক অইল ইণ্ডিয়াত চাকৰি দিয়াৰ প্ৰতিশ্ৰুতিৰে ২০১৬ চনৰ এক ডিচেম্বৰত বিয়া কৰাইছিল পাচীঘাটৰ কিৰণ চেত্ৰীয়ে৷ মণিতাৰ চাকৰি নহ’ল, বৰঞ্চ তেওঁৰ ওপৰত চলিল স্বামীৰ শাৰীৰিক-মানসিক আতিশয্য। আৰু মূৰকত ধৈৰ্যচ্যুত হৈ চতুৰ্থ বিবাহ বাৰ্ষিকীৰ নিশাই ৩ বছৰীয়া সন্তানৰ মোহ এৰি আত্মহত্যা কৰিলে মণিতাই। জাগীৰোড মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী মণিতা আছিল মেধাৱী। সাংস্কৃতিক কাম-কাজৰ লগতো জড়িত হাঁহিমুখীয়া মণিতাৰ এনে অপমৃত্যুত জাগীৰোড-দুলীয়াজানত শোকৰ ছাঁ পৰে। মণিতাৰ স্বামী আৰু ঘটনাৰে জড়িত আনসকলক কঠোৰ শাস্তি বিহাৰ উঠিছে দাবী।