Local, Vocal, Global

মৌ বুলি আপুনি কিনি খাই আছে চেনিৰ ৰস

বজাৰত সুলভ বিভিন্ন নামী-দামী কোম্পানীৰ মৌ। সকলোৱে দাবী কৰে তেওঁলোকৰ মৌ খাটি, বিশুদ্ধ। কিন্তু চেণ্টাৰ ফৰ চায়েন্স এণ্ড এনভাইৰণমেণ্ট চমুকৈ CSEৰ এক বিশুদ্ধতাৰ পৰীক্ষাত ধৰা পৰিছে খাটি মৌৰ নামত বিভিন্ন ব্ৰেণ্ডৰ মৌত থকা চেনিৰ ৰস। ভাৰতবৰ্ষত অত্যন্ত জনপ্ৰিয় ডাবৰ আৰু বাবা ৰামদেৱৰ পতঞ্জলীৰ মৌতো ধৰা পৰিছে ভেজাল। ১৩টা ব্ৰেণ্ডৰ বহুসংখ্যক নমুনাৰ পৰীক্ষাৰ অন্তত পোহৰলৈ আহিছে যে বজাৰত বিক্ৰী হৈ থকা ৭৭ শতাংশ মৌত ব্যৱহাৰ কৰা হৈছে চেনিৰ ৰস। ২২টা নমুনাৰ মাত্ৰ ৫টাহে বিশুদ্ধতাৰ পৰীক্ষাত উত্তীৰ্ণ হৈছে। ডাবৰ, পতঞ্জলী, বৈদ্যনাথ, জাণ্ডু, হিটকাৰী, এপিছ হিমালয়া আদি ব্ৰেণ্ডৰ নমুনাও বিশুদ্ধতাৰ পৰীক্ষা NMR টেষ্টত অনুত্তীৰ্ণ হৈছে। মৌৰ নমুনাবিলাক প্ৰথমে পৰীক্ষা কৰা হৈছিল ভাৰতত। সেই পৰীক্ষাত সকলো ব্ৰেণ্ডৰ মৌৱেই বিশুদ্ধ বুলি প্ৰকাশ পাইছিল। পৰৱৰ্তী পৰ্যায়ত জাৰ্মানীৰ গৱেষণাগাৰত কৰা নিউক্লিয়েৰ মেগনেটিক ৰিজ’নেন্স চমুকৈ এন এম আৰ পৰীক্ষা কৰা হয়। এই পৰীক্ষা বিশ্বজুৰি মৌৰ বিশুদ্ধতা নিৰ্ণয়ৰ বাবে গ্ৰহণীয়। এই পৰীক্ষাতে ভাৰতৰ ১৩টা ব্ৰেণ্ডৰ কেৱল ৩টাহে বিশুদ্ধ বুলি প্ৰমাণিত হয়। বাকীবোৰ ব্ৰেণ্ডত চেনিৰ ৰসৰ ব্যাপক মাত্ৰাৰ ব্যৱহাৰৰ কথা ধৰা পৰে। মৌৰ বিশুদ্ধতাৰ পৰীক্ষাৰ বাবে এন এম আৰ টেষ্ট ভাৰতত বাধ্যতামূলক নহ’লেও ৰপ্তানিৰ ক্ষেত্ৰত এয়া বাধ্যতামূলক। তেনেক্ষেত্ৰত ভাৰতৰ বজাৰত বিক্ৰী হৈ থকা বিভিন্ন ব্ৰেণ্ডৰ মৌ যে খাটি মৌ নহয়, সেয়া স্পষ্ট হৈ পৰিছে।