মানাহলৈ আগমন ঘটিছে পৰ্যটক-দৰ্শনাৰ্থীৰ

মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ ক্ৰমে আৰম্ভ হৈছে পৰ্যটকৰ সোঁত। কৰ’না মহামাৰীৰ বাবে যোৱা ৮ মাহেই পৰ্যটকৰ বাবে বন্ধ হৈ আছিল ৰাষ্ট্রীয় উদ্যানখন।মুকলিৰ পাচতে সাজু হৈ উঠিছে ইয়াৰ ল’জসমুহ, লগতে জীপ ছাফাৰী, হাতী ছাফাৰী, নৌকা বিহাৰ ইত্যাদি ৷
কৰ’না সন্ত্ৰাসৰ মাজতে পৰিস্থিতি কিছু প্ৰতিকুল হোৱাত যোৱা ২ অক্টোবৰত পৰ্যটকৰ বাবে মুকলি কৰি দিছিল মানাহ ৰাষ্ট্ৰীয় উদ্যান ৷ পৰ্যটকৰ বাবে মানাহৰ প্ৰৱেশপথ মুকলি কৰি দিয়াৰ পিচতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা পৰ্যটকে আহি ভিৰ কৰিছে ৰাষ্ট্রীয় উদ্যানখনত। মানাহৰ প্ৰাকৃতিক সৌন্দৰ্যই এতিয়া আকৰ্ষিত কৰিছে সকলোকে । সেউজীয়াৰ মাজত মুক্ত মনেৰে বিচৰণ কৰি ফুৰা জীৱ-জন্তুবোৰে দুগুণে বৃদ্ধি কৰিছে মানাহৰ সৌন্দৰ্য । কেইবামাহৰ বিৰতিৰ অন্তত মানাহ ৰাষ্ট্ৰীয় উদ্যান মুকলি কৰি দিয়াত পৰ্যটকক আদৰিবলৈ সাজু হৈছে ইয়াৰ দাতিকাষৰীয়া ল’জসমুহ ।