Local, Vocal, Global

মুক্তি পায়ো বিতৰ্কমুক্ত নহল লক্ষ্মী

পুনৰ  বিতৰ্কত সোমাই পৰিল অক্ষয় কুমাৰৰ অভিনীত ছবি ‘লক্ষ্মী’। এই ছবি খন ৰাঘৱ লৰেঞ্চে পৰিচালনা কৰিছে। ছবিখনত অক্ষয় কুমাৰে এজন তৃতীয় লিংগৰ ব্যক্তি হিচাপে অভিনয় কৰিছে। লক্ষ্মী ছবি খনৰ প্ৰথম নাম ৰাখিছিল ‘লক্ষ্মী বাম্ব’ কিন্তু ‘বাম্ব’ শব্দৰ বাবে বিতৰ্কৰ ভিতৰত সোমাই পৰিছিল ছবি খন।

পৰবৰ্তী সময়ত নাম সলনি কৰি লক্ষ্মী নামকৰণেৰে ছবিখন মুক্তি দিয়া হয়। কিন্তু তাৰ পিছতো বিতৰ্কই পিছ এৰা নাই ‘লক্ষ্মী’ৰ। এই ছবিখন দক্ষিণ ভাৰতৰ ছবি ‘কাঞ্চনা’ৰ নাম সলনি কৰি বলিউডত ‘লক্ষ্মী’ নামেৰে নামাকৰণ কৰিছে। সোমবাৰে আবেলি ৭ বজাত ডিজিটেল মাধ্যম ডিজনি প্লাচ হটস্টাৰ যোগে মুক্তি লাভ কৰিছিল ছবিখনে। কিন্তু মুক্তিৰ পিছত বিশেষ জনপ্ৰিয়তা নাপালে অক্ষয় কুমাৰৰ ‘লক্ষ্মী’ ছবিখনে। বিপৰীতে ছ’চিয়েল মিডিয়াত বিভিন্নজনে শ্বেয়াৰ কৰিছে ছবিখনকলৈ বিভিন্ন মীম।