Local, Vocal, Global

অগপ ত যোগদান অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতিৰ

অৱশেষত সক্ৰিয় ৰাজনীতিত ভৰি দিলে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ পৰমানন্দ ৰাজবংশী।২০২১ ৰ বিধান সভা নিৰ্বাচনৰ লক্ষ্যৰে ৰাজনীতিলৈ অহা ড০ ৰাজবংশীয়ে আজি আনুষ্ঠানিক ভাবে যোগ দিলে অসম গণ পৰিষদতত। আঞ্চলিক দলটোৰ আমবাৰীত থকা মূখ্য কায্যলয়ত ড০ ৰাজবংশীৰ যোগদান উপলক্ষে আয়োজন কৰে এক অনুষ্ঠানৰ। অসম গণ পৰিষদত  যোগদানৰ অনুষ্ঠানিকতাৰ পিছতেই ড০ ৰাজবংশীয়ে স্মৰণ কৰে অসম আন্দোলনৰ শ্বহীদ সকলৰ ত্যাগৰ স্মৃতি।জাতীয় অস্তীত্বৰ হকে প্ৰাণ আহুতী দিয়া ৮৫৫ গৰাকী শ্বহীদৰ প্ৰতি শ্ৰদ্ধাঞ্জলী নিবেদন কৰি অসম সভাৰ প্ৰাক্তন সভাপতি গৰাকীয়ে সাপ্ৰতিক সময়ত অনুষ্ঠানিকতাবাদী ৰাজনীতিৰ প্ৰয়োজনীয়তা আৰু প্ৰাসংগিকতা কথা উল্লেখ কৰে।তেওঁ কয় অসম গণ পৰিষদৰ মঞ্চৰ পৰা আঞ্চলিক ৰাজনীতিৰ ভেটি সবল কৰি তোলাই তেওঁ প্ৰধান লক্ষ্য। নিজৰ তিনিগৰাকী মা ৰ প্ৰতি  শ্ৰদ্ধা জনাই জাতীয় অস্তিত্বৰ সুৰক্ষাৰ হকে কাম কৰি যোৱা সময় এয়া।অনুষ্ঠানত অসম গণ পৰিষদৰ সভাপতি অতুল বৰাৰ লগতে কেশৱ মহন্ত,ফণীভূষণ চৌধূৰী,ড০ কমলা কলিতা,সত্যব্ৰত কলিতা আদি নেতাসকল উপস্থিত থাকে।