Local, Vocal, Global

মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক বিজেপিৰ সকীয়নি

মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক বিজেপিৰ সকীয়নি

দেৱালীৰ প্ৰাক-মুহূৰ্তত কেন্দ্ৰই পেট্ৰলৰ ওপৰত কেন্দ্ৰীয় শুল্ক প্ৰতি লিটাৰত ৫ টকা আৰু ডিজেল প্ৰতি লিটাৰত ১০ টকা হ্ৰাস কৰাৰ কথা ঘোষণা কৰে। কিন্তু পশ্চিমবংগত মমতা বেনাৰ্জীৰ চৰকাৰে পেট্ৰল আৰু ডিজেলৰ ওপৰত মূল্য সংযোজন কৰ হ্ৰাস নকৰাৰ বাবে ভাৰতীয় জনতা পাৰ্টীয়ে তৃণমূল কংগ্ৰেছ চৰকাৰক ধিক্কাৰ দিয়ে। বিজেপিয়ে সকীয়নি দিছিল যে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক ইন্ধনৰ কৰ হ্ৰাস কৰিবলৈ বাধ্য কৰাব।বিজেপিয়ে ঘোষণা কৰিছিল যে তেঁওলোকে পাঁচদিনৰ বাবে পশ্চিমবংগত ৰেলী উলিয়াব কৰ হ্ৰাসৰ দাবীত।ৰেলীত বিজেপি কৰ্মচাৰী সকলক আগবাঢ়ি যাবলৈ বাধা দিয়াৰ পাছত কলকাতাত আৰক্ষীৰ সৈতে বিজেপি নেতাসকলৰ সংঘৰ্ষ হয়। সংঘৰ্ষৰ সময়ত পশ্চিমবংগৰ বিৰোধী দলৰ কেইবাজনো নেতা আৰু কৰ্মীক আটক কৰা হয়।