Local, Vocal, Global

এক বিলিয়ন ডলাৰৰ সম্পত্তি থকা ভাৰতীয়ৰ সংখ্যা ১২০ জন

কোটিপতিৰ বাসস্থানৰ নিৰিখত সবাতােকৈ শীর্ষত আছে মুম্বাই চহৰ। এই তালিকাৰ চতুর্থ স্থানত আছে কলকাতা। দক্ষিণ আফ্রিকাৰ নিউ ৱর্ল্ড ৱেলথ (এন ডব্লিউ ডব্লিউ) নামৰ এটা সংস্থাই এক সমীক্ষাত এই তথ্য প্রকাশ কৰিছে।

সংস্থাটোৱে দাবী কৰা অনুসৰি, ভাৰতৰ সৰ্বাধিকসংখ্যক কোটিপতিয়ে মুম্বাইত বাস কৰে। কোটিপতিৰ চহৰ হিচাপে দ্বিতীয় স্থানত দিল্লী আৰু তৃতীয় স্থানত বাংগালুৰু আছে।

বিগত সাত বছৰ ধৰি এন.ডব্লিউ.ডব্লিউ.ৱে ধনী ব্যক্তিৰ সন্দৰ্ভত নানা সমীক্ষা চলাই আহিছে। এই সংস্থাৰ প্রতিবেদনত দাবী কৰা অনুসৰি, ভাৰতত কমেও এক নিযুত ডলাৰৰ মুঠ সম্পত্তিৰ অধিকাৰী ৩,৩০,০০ ধনাঢ্য ব্যক্তি আছে।

আনহাতে, ১০ নিযুত ডলাৰৰ সম্পত্তিৰ অধিকাৰী ভাৰতীয় ধনাঢ্যৰ সংখ্যা হৈছে ২১,০০০ জন। তদুপৰি দেশত আছে ১,০৭৪ জন লােক যিসকলৰ সম্পত্তিৰ পৰিমাণ হৈছে ১০০ নিযুত ডলাৰ।

এক বিলিয়ন ডলাৰৰ সম্পত্তি থকা ভাৰতীয় ধনাঢ্যৰ সংখ্যা হৈছে ১২০ জন। প্রতিষ্ঠানটোৰ সমীক্ষাত লগতে কোৱা হৈছে যে ভাৰতৰ অবুদপতিৰ সংখ্যা আন দেশৰ তুলনাত অধিক হৈছে।