ভৱানীপুৰৰ লগতে নন্দীগ্ৰাম সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব মমতা বেনার্জীয়ে

আগন্তুক বিধানসভা নির্বাচনত নন্দীগ্ৰাম সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব মমতা বেনার্জীয়ে। সোমবাৰে এই ঘোষণা কৰে বংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে । মমতাই লগতে সদৰী কৰা মতে, তেওঁৰ মূল সমষ্টি ভৱানীপুৰকো অৱহেলা নকৰে। সম্ভৱ হ’লে তেওঁ দুয়োটা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব। ২০১৬ চনৰ নির্বাচনত নন্দীগ্ৰাম সমষ্টিত তৃণমূল কংগ্ৰেছৰ প্ৰার্থীৰূপে প্ৰতিদ্বন্দ্বিতা কৰা সুভেন্দু অধিকাৰীয়ে ইতিমধ্যে বিজেপিত যোগ দিছে।