আশ্চর্যকৰ যদিও সত্য, বৰফ হৈ নষ্ট ১০০০ ক’ভিড ভেকচিন
কাছাৰৰ শিলচৰ মেডিকেল কলেজত নষ্ট হ’ল মহামূল্যৱান ১০০০ ক’ভিড ভেকচিন। তাপমাত্ৰা ১৪ ডিগ্ৰী চেলছিয়াছৰ তলত ফ্ৰীজত ৰখাৰ বাবে নষ্ট হ’ল ভেকচিনসমূহ। শনিবাৰে শিলচৰ মেডিকেল কলেজত ভেকচিন দিয়া হয় ১০০জনক । বিশেষ সূত্ৰ মতে ভেকচিন দিয়াৰ আগদিনা অৰ্থাৎ শুকুৰবাৰে ১০০০ ভেকচিন মেডিকেল কলেজলৈ পঠোৱা হয় । ইপিনে ভেকচিন মজুত ৰাখিব লাগে ১০-১৮ ডিগ্ৰী চেণ্টিগ্ৰেড তাপমাত্ৰাত । কিন্তু শিলচৰ মেডিকেল কলেজত সেই বিধি পালন কৰা নাই কর্তৃপক্ষই। যাৰ ফলত নিৰ্ধাৰিত তাপমাত্ৰাৰ সলিন অতি কম তাপমাত্ৰাত ভেকচিন ৰখাৰ বাবে শনিবাৰে পুৱা বৰফৰ ৰূপত উদ্ধাৰ কৰা হয় প্ৰতিটো ভেকচিন। ইয়াৰ পিছত স্বাস্থ্য বিভাগৰ ফালৰ পৰা আৰু ১০০ ভেকচিন মেডিকেল কলেজত পঠাই ডেমিজ কন্ট্ৰোল কৰা হয়। শিলচৰ মেডিকেল কলেজৰ এনে গাফিলতিৰ ফলত নষ্ট হ’ল মহামূল্যৱান এই ভেকচিনসমূহ । এতিয়া প্ৰশ্ন হয় প্ৰয়োজনৰ দশ গুণ বেশী ভেকচিন কিয় পঠোৱা হৈছিল শিলচৰ মেডিকেল কলেজলৈ । ভেকচিনসমূহৰ দায়িত্বত থকা ডাঃ পি কে ৰয়ক ইতিমধ্যে কৈফিয়ৎ তলৱ কৰিছে স্বাস্থ্য বিভাগে।