Local, Vocal, Global

বার্চিলোনাৰ হৈ ৭৫০খন খেল খেলাৰ পাছত ৰঙা কার্ড পালে মেছিয়ে

ফুটবল সম্ৰাট লিঅ’নেল মেছিক ৰঙা কার্ড দেখুৱাই খেলপথাৰৰ পৰা বাহিৰ কৰি দিলে ৰেফাৰীয়ে ৷ ‘এথলেটিকো বিলবাও’ৰ বিৰুদ্ধে স্পেনিছ ছুপাৰ কাপ ফাইনেলত এই ঘটনা ৷ বার্চিলোনাৰ হৈ মুঠ ৭৫০খন খেলত অংশ লোৱাৰ পিছত প্ৰথমবাৰৰ বাবে ৰঙা কার্ড লাভ কৰে মেছিয়ে ৷ খেলখনৰ অন্তিম মুহূর্তত বিলবাওৰ এজন ফৰৱার্ডক খুন্দিয়াই বগৰাই দিয়াৰ অপৰাধত ৰেফাৰীয়ে ৰঙা কার্ড দেখুৱায় মেছিক ৷ খেলখনত মেছিৰ দল বার্চিলোনা এথলেটিকো বিলবাওৰ বিৰুদ্ধে ৩-২ গ’লত পৰাস্ত হয় ৷