Local, Vocal, Global

প্ৰলয়ংকৰী বানৰ পিছত এইবাৰ মেলেৰিয়া আৰু জাপানীজ এনকেফেলাইটিছৰ আতংক

নিউজ ডেস্ক, ৮ জুন : প্ৰলয়ংকৰী বানৰ পিছত এইবাৰ অসমত মেলেৰিয়া আৰু জাপানীজ এনকেফেলাইটিছৰ আতংক।

অসমৰ ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনে শেহতীয়াকৈ প্ৰকাশ কৰা তথ্য অনুসৰি অসমত বৰ্তমান সময়লৈকে মুঠ ৬৭ জন লোক Japanese Encephalitis (JE)ৰ দ্বাৰা সংক্ৰমিত হৈছে।

আনহাতে অসমত এতিয়ালৈকে জাপানীজ এনকেফেলাইটিছৰ ফলত ৬ জন লোকৰ মৃত্যু হৈছে।

প্ৰতিবেদন অনুসৰি, যোৰহাট হৈছে আটাইতকৈ বেছি প্ৰভাৱিত জিলা । যোৰহাটত ১৫ জন JE সংক্ৰমিত ৰোগী আছে তাৰ পিছত গোলাঘাটত ১২ জন ৰোগী আছে, আৰু নগাঁৱত JEৰ ৯ টা গোচৰ পঞ্জীয়ন হৈছে।

NHM.-ৰ সূত্ৰঅনুসৰি, ৰাজ্যখনত ৮৬ টা Malariaৰ ঘটনা পোহৰলৈ আহিছে আৰু কোকৰাঝাৰ হৈছে আটাইতকৈ বেছি প্ৰভাৱিত জিলা। কোকৰাঝাৰ পৰা মেলেৰিয়াৰ ১৪ টা মেলেৰিয়াৰ ঘটনা পোহৰলৈ আহিছে আৰু তাৰ পিছত ওদালগুৰি ১২ টা, কৰিমগঞ্জত ৭ টা আৰু কামৰূপ মেট্ৰ’ত ৬ টা ঘটনা পোহৰলৈ আহিছে।