Local, Vocal, Global

দুৰ্বৃত্তৰ গুলীত গুৰুত্বৰ ভাবে আঘাতপ্ৰাপ্ত জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী Shinzo Abe

নিউজ ডেক্স ,৮ জুলাই : শুকুৰবাৰে NHK ৰ ৰাজহুৱা টেলিভিছনত জনোৱা মতে, জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বিনজো আবেক শুকুৰবাৰে পশ্চিম জাপানত প্ৰচাৰ ভাষণৰ সময়ত প্ৰায় ১১.৩০ বজাত গুলীচালনা কৰে।

গুলীবিদ্ধ হোৱাৰ পাছত আবে ৰাস্তাত ঢলি পৰিছিল আৰু কেইবাজনো নিৰাপত্তাৰক্ষীয়ে আবেক ততাতৈয়াকৈ এখন চিকিৎসালয়লৈ লৈ গৈছিল।

আবে দেওবাৰে সংসদৰ উচ্চ সদনৰ বাবে নিৰ্বাচনৰ পূৰ্বে নাৰাত প্ৰচাৰ চলাই আছিল আৰু ভাষণ দি থকাৰ সময়তে দুৰ্বৃত্তই গুলী চালনা কৰিছিল।

খবৰ অনুসৰি ঘটনাস্থলীত আৰক্ষীয়ে নাৰা চহৰৰ ৪১ বছৰীয়া ইয়ামাগামি টেটছুয়াক হত্যাৰ চেষ্টা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে।

উল্লেখযোগ্য যে আটাইতকৈ দীৰ্ঘদিনীয়া প্ৰধানমন্ত্ৰী আছিল শ্বিনজো আবে। ২০০৬ চনত এবছৰ আৰু পুনৰ ২০১২ চনৰ পৰা ২০২০ চনলৈ কাৰ্যভাৰ গ্ৰহণ কৰিছিল, যেতিয়া তেওঁ অসুস্থতাৰ বাবে পদত্যাগ কৰিবলৈ বাধ্য হৈছিল।