Local, Vocal, Global

মা কামাখ্যাৰ আশীৰ্বাদ বিচাৰি কামাখ্যা মন্দিৰত উপস্থিত Droupadi Murmu

নিউজ ডেস্ক, ৮ জুলাই : ১৮ জুলাইত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পূৰ্বে মা কামাখ্যাৰ পৰা আশীৰ্বাদ বিচাৰি শুকুৰবাৰে NDAৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপাদি মুৰ্মুৱে গুৱাহাটীৰ কামাখ্যা মন্দিৰ পৰিদৰ্শন কৰে।

উল্লেখ্য যে, তেওঁ মঙলবাৰে গুৱাহাটীত উপস্থিত হৈছিল আৰু বুধবাৰে অৰুণাচল প্ৰদেশ, মেঘালয় আৰু নাগালেণ্ড ভ্ৰমণ কৰিছিল আৰু আগন্তুক নিৰ্বাচনৰ বাবে সমৰ্থন বিচাৰি আইন প্ৰণেতাসকলক সাক্ষাৎ কৰিছিল।

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু প্ৰতিমা ভৌমিক, অসমৰ সাংসদ ৰাজদীপ ৰয় আৰু বিজেপিৰ মুখপাত্ৰ  Sambit Patraৰ সৈতে মুৰ্মু অসমৰ উত্তৰ লখিমপুৰ জিলাৰ লীলাবাৰীৰ পৰা অৰুণাচল প্ৰদেশৰ ইটানগৰত উপস্থিত হয়।