Local, Vocal, Global

চাবুৱাত অখিল গগৈৰ মুক্তি আৰু CAA বাতিলৰ দাবীত প্ৰতিবাদ

কৰ’নাৰ মাজতে মুখ্যমন্ত্ৰীৰ গৃহ চহৰ চাবুৱাত তীব্ৰতৰ ৰূপ ধাৰণ কৰিছে প্ৰতিবাদী আন্দোলনে৷ অখিল গগৈৰ মুক্তিৰ দাবীত চাবুৱাত মটক ছাত্ৰ সন্থাৰ মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে। ৰাজপথত বৰতাল বজাই এই ব্যতিক্ৰমী প্ৰতিবাদী কাৰ্যসূচী ৰূপায়িত কৰে ছাত্ৰ সংগঠনটোৱে। উল্লেখ্য যে চৰকাৰে ষড়যন্ত্ৰমূলকভাৱে কাৰাবন্দী কৰি থোৱা কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত আজি উত্তাল হ’ল মুখ্যমন্ত্ৰীৰ গৃহ চহৰ চাবুৱা। মটক ছাত্ৰ সন্থাৰ চাবুৱা আঞ্চলিক আৰু ডিকম আঞ্চলিক সমিতিৰ উদ্যোগত মানৱ শৃংখল কাৰ্যসূচী। শতাধিক প্ৰতিবাদকাৰীয়ে বিভিন্ন বিজেপিবিৰোধী ধ্বনিৰে উত্তাল কৰি তোল সমগ্ৰ পৰিৱেশ। উল্লেখ্য যে প্ৰতিবাদকাৰীসকলে নাগৰিকত্ব সংশোধনী আইন বাতিল কৰাৰ লগতে EIA অধিসূচনা প্ৰত্যাহাৰ কৰাৰো দাবী জনায় ৷