Local, Vocal, Global

বিলুপ্তিৰ গৰাহত আহোম ৰাজত্বকালৰ লাংকুৰী দৌল

বিলুপ্তিৰ গৰাহত লাংকুৰী দেৱতাৰ দৌল

আহোমসকলৰ অন্যতম উপাস্য দেৱতা হ’ল ‘লাংকুৰী দেৱতা’। আহোম স্বৰ্গদেউসকলে তেওঁলোকৰ বিভিন্ন পৰম্পৰাগত উপাস্য দেৱতাৰ লগত লাংকুৰী দেৱতাক মুখ্য স্থান দিছিল। টাই আহোম গণনা অনুসৰি বছৰটোৰ পঞ্চম, দশম আৰু দ্বাদশ মাহত লাংকুৰী দেৱতাৰ পূজা কৰে। কিন্তু পৰিতাপৰ কথা যে বৰ্তমান লাংকুৰী দেৱতাৰ দৌল বিলুপ্তিৰ পথত।  আহোম ৰাজত্বকালৰ প্ৰথমটো স্থায়ী ৰাজধানীত স্থাপন কৰা এই লাংকুৰী দেৱতাৰ দৌলৰ এতিয়া বাকী আছে কেৱল ভগ্নাৱশেষ। চৰাইদেউ পৰ্বতৰ প্ৰায় ১৫০ মিটাৰমান ওপৰত নিৰ্মাণ কৰা এই লাংকুৰী দৌলৰ ডিম্বাকৃতিৰ ভগ্নাৱশেষ মাটিৰে পোত খাই থকাৰ লগতে দৌলৰ ইটা-শিল আদি য’ত-ত’ত সিঁচৰতি হৈ পৰি থকাহে পৰিলক্ষিত হৈছে। সমান্তৰালকৈ চৰাইদেউত স্থাপন কৰা আহোম ৰাজত্বকালৰ প্ৰথমটো স্থায়ী ৰাজধানীৰ কাষতে থকা বহু পুৰণি কীৰ্তিচিহ্ন তথা উপাসনাস্থলী ধ্বংসৰ গৰাহত। দেওঁশালত অৱস্থিত শিলৰ চালপিৰাখনো দুফাল হৈ হাবিৰ মাজত পৰি ৰোৱাহে পৰিলক্ষিত হৈছে। এচাম সমাজবিৰোধী চক্ৰই এই স্থানসমূহৰ মাটি বেদখল কৰি চাহ বাগিচা স্থাপন কৰাও পৰিলক্ষিত হৈছে। কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ। ফলত বেদখলকাৰীৰ কৱলত পৰিছে আহোম ৰাজত্বকালৰ প্ৰথমটো স্থায়ী ৰাজধানীৰ অৱশিষ্ট। সময় থাকোতেই যদি চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই ঐতিহ্য সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ নকৰে তেনেহলে কালৰ বুকুত হেৰাই যে যাব সেয়া নিশ্চিত হৈ পৰিছে।