Local, Vocal, Global

কৃষক বিদ্ৰোহৰ সমৰ্থনত অনশনত যোগ দিছে কেজৰিৱালে

৩ বিতৰ্কিত কৃষি আইন বাতিলৰ দাবীত কৃষকৰ প্ৰতিবাদ অব্যাহত।আজি ১৯ দিনত ভৰি দিলে কৃষক বিদ্ৰোহে।দিল্লী সীমান্তৱৰ্তী কেইবাটাও অঞ্চলত প্ৰতিবাদ কৃষকৰ। আজি পুৱা পাঁচ বজাৰ পৰা দিনজোৰা অনশনত বহিছে কৃষকসকল আৰু এই অনশন অব্যহত সন্ধিয়া পাঁচ বজালৈ। দিল্লীৰ সিংঘু সীমান্ত, দিল্লী-জয়পুৰ পথৰ শ্বাহজাহানপুৰত প্ৰতিবাদ কৃষকৰ। প্ৰতিবাদত অংশ ল’বলৈ দৈনিক আহিয়েই আছে কৃষকৰ দল। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰো আজি দিনজোৰা অনশন। কৃষক বিদ্ৰোহৰ সমৰ্থনত পুৱাৰে পৰা অনশনত বহিছে মুখ্যমন্ত্ৰীজন। সমস্যা সমাধানৰ বাবে কালি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বাসগৃহত আলোচনাত মিলিত হয় কেন্দ্ৰীয় কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰ আৰু ৰাজ্যিক উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী চ’ম প্ৰকাশ ।বৈঠকৰ অন্তত কৃষিমন্ত্ৰী টোমৰে কৃষকসকলক আন্দোলন প্ৰত্যাহাৰ কৰিবলৈ অনুৰোধ জনালেও অনশন অব্যাহত ৰাখিব বুলি জনাই কৃষক নেতাসকলে ।প্ৰতিবাদত অংশ ল’বলৈ দৈনিক আহিয়েই আছে কৃষকৰ দল। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰো আজি দিনজোৰা অনশন। কৃষক বিদ্ৰোহৰ সমৰ্থনত পুৱাৰে পৰা অনশনত বহিছে মুখ্যমন্ত্ৰীজন।