মহাৰাষ্ট্ৰত ব্যাপক হাৰত বৃদ্ধি কৰ’না সংক্ৰমণ, বিভিন্ন নগৰত পুনৰ লকডাউন
কৰ’নাৰ সংকটত পুনৰ অস্থিৰ হৈছে দেশ। শেহতীয়াকৈ মহাৰাষ্ট্ৰত কৰ’না আক্ৰান্তৰ সংখ্যা অত্যধিক হাৰত বৃদ্ধি পাবলৈ লৈছে। কেইমাহমানৰ পূর্বেই নিয়ন্ত্ৰণহীন হৈ পৰিছিল মহাৰাষ্ট্ৰত কৰ’না সংক্ৰমণৰ হাৰ। এতিয়া আকৌ নতুনকৈ মহাৰাষ্ট্ৰত ১৫,৮১৭জন লোক আক্ৰান্ত হৈছে কৰ’নাত। ৰাজ্যখনত মুঠ আক্ৰান্তৰ সংখ্যা হৈছেগৈ ২২,৮২,১৯১জন। ইয়াৰ ভিতৰত বর্তমানলৈকে ৫২,৭২৩জন লোকৰ মৃত্যু হৈছে। সেয়ে ৰাজ্যখনৰ বিভিন্ন নগৰত লকডাউন তথা নৈশ সান্ধ্য আইন জাৰি কৰা হৈছে । অৱশ্যে ইয়াৰ পিছতো কৰ’না সংক্ৰমণে অভিলেখ গঢ়িছে। কৰ’নাৰ এই দ্বিতীয়টো সংক্ৰমণ ৰাজ্যখনৰ বাবে উদ্বেগজনক হৈ পৰিছে।
মহাৰাষ্ট্ৰত এতিয়া স্কুল-কলেজসমূহ সাময়িকভাৱে বন্ধ ৰখা হৈছে। লগতে সকলোধৰণৰ ৰাজনৈতিক, ধর্মীয় তথা সামাজিক অনুষ্ঠান আয়োজনত নিষেধাজ্ঞা জাৰি কৰা হৈছে।