75 Rupee commemorative coin: নতুন সংসদ ভৱনৰ উদ্বোধন উপলক্ষ্যে ৭৫ টকাৰ স্মাৰক মুদ্ৰা মুকলি কৰিব চৰকাৰে
নেশ্যনেল ডেস্ক, ২৬ মে’: বৃহস্পতিবাৰে বিত্ত মন্ত্ৰালয়ে জাৰি কৰা এক অধিসূচনাত উল্লেখ কৰা হৈছে যে দেওবাৰে নতুন সংসদ ভৱনৰ উদ্বোধনৰ উপলক্ষে কেন্দ্ৰীয় চৰকাৰে ৭৫ টকাৰ এক বিশেষ মুদ্ৰা মুকলি কৰিব (Special 75 Rupee coin) । ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই আইকনিক সংসদ ভৱনটো উদ্বোধন কৰিব (Narendra Modi will inaugurate the iconic legislative building) ।
এই স্মাৰক মুদ্ৰাটোৰ এটাফালৰ মাজৰ অংশত অশোক স্তম্ভৰ সিংহটো(Lion Capitol of Ashoka Pillar) আৰু তাৰ তলত লিখা থাকিব ‘সত্যমেৱ জয়তে’ (Truth always Triumphs)। লগতে ইয়াৰ দুয়োফালে বাওঁফালৰ পৰিধিত দেৱনাগৰী লিপিত ‘ভাৰত’ আৰু সোঁফালৰ পৰিধিত ইংৰাজীত INDIA শব্দটো লিখা থাকিব । তাৰোপৰি তলৰফালে আন্তঃৰাষ্ট্ৰীয় সংখ্যাত টকাৰ চিহ্ন আৰু মূল্য “৭৫” লিখা থাকিব (Rupee symbol and denominational value)।
আনহাতে মুদ্ৰাটোৰ ওলোটাফালে সংসদ ভৱনৰ ছবিখন অংকিত হৈ থাকিব (Image of Parliament Complex)। লগতে ওপৰৰ পৰিধিত দেৱনাগৰী লিপিৰে ‘সংসদ সংকুল’ বুলি উল্লেখ থাকিব আৰু ইয়াৰ তলৰ পৰিধিত ইংৰাজীত “PARLIAMENT COMPLEX” বুলি লিখা থাকিব । বিত্ত মন্ত্ৰালয়ে জাৰি কৰা অধিসূচনাখনৰ অনুসৰি সংসদ ভৱনৰ ছবিৰ তলৰ অংশত আন্তঃৰাষ্ট্ৰীয় সংখ্যাত “২০২৩” লিখা থাকিব ।
এই মুদ্ৰাটোৰ ওজন হ’ব ৩৫ গ্ৰাম । লগতে ইয়াৰ ব্যাস হ’ব ৪৪ মিলিমিটাৰ আৰু ২০০ দাঁত । কোৱাটাৰনেৰী সংকৰ ধাতুৰ দ্বাৰা প্ৰস্তুত হ’ব লগা মুদ্ৰাটোত ৫০ শতাংশ ৰূপ, ৪০ শতাংশ তামৰ লগতে নিকেল আৰু জিংক থাকিব পাঁচ শতাংশকৈ (Metal coin will be Quaternary Alloy) ।
দেওবাৰে নতুন সংসদ ভৱনটো উদ্বোধন কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে (Parliament complex will be inaugurated by PM Narendra Modi) । ইফালে বিৰোধী দলসমূহে ‘ৰাষ্ট্ৰৰ মুৰব্বী’ৰাষ্ট্ৰপতিগৰাকীয়ে নতুন সংসদভৱনটো কিয় উদ্বোধন নকৰে, তাক লৈ বিতৰ্কৰ সৃষ্টি কৰাৰ লগতে চৰকাৰখনক সমালোচনা কৰা পৰিলক্ষিত হৈছে । প্ৰধানমন্ত্ৰীয়ে এই নতুন সংসদ ভৱনটো উদ্বোধন কৰি ৰাষ্ট্ৰপতিগৰাকীক অপমান কৰা হ’ব বুলি উল্লেখ কৰাৰ লগতে বহুকেইটা বিৰোধী দলে এই অনুষ্ঠান বৰ্জন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । অৱশ্যে এন ডি এয়ে বিৰোধীৰ এই সিদ্ধান্তক গণতান্ত্ৰিক নীতি-নিয়ম আৰু সাংবিধানিক মূল্যবোধৰ প্ৰতি অপমান কৰা বুলি অভিহিত কৰিছে ।
লগতে পঢ়ক: Amit Shah hit Congress: অহা নিৰ্বাচনত তৃতীয় বাৰৰ বাবে প্ৰধানমন্ত্ৰী হ’ব নৰেন্দ্ৰ মোডী: অমিত শ্বাহ