Local, Vocal, Global

farmer suicides: তেলেংগানাত চাৰিজন কৃষকৰ আত্মহত্যা

নেশ্যনেল ডেস্ক,১২ আগষ্ট : দেশত পুনৰ কৃষকৰ আত্মহত্যা ।২০২৩ চনৰ ভিতৰত দেশৰ কৃষকৰ উপাৰ্জন দুগুন কৰাৰ প্ৰতিশ্ৰুতি দিছিল প্ৰধানমন্ত্ৰী মোডীয়ে । ২০২০ চনত প্ৰদানমন্ত্ৰী মোডীয়ে প্ৰতিশ্ৰুতি দিছিল যদিও কৃষকসকলৰ দূৰ্দশা পূৰ্বৰ তুলনাত অধিক বৃদ্ধি পাইছে কৃষকৰ । দেশত কৃষকৰ আত্মহত্যা । শস্য নষ্ট হোৱাৰ বাবে আত্মহত্য়াৰ পথ বাছি লয় কৃষকে(Maharashtra farmer suicides)।

উল্লেখ্য় যে, তেলেংগানাত শস্যৰ এইবাৰ বিপুল ক্ষতি হয় আৰু এই ক্ষতিৰ বাবে হৈ চাৰিজকৈ কৃষকৰ আত্মহত্যা কৰে ।ধাৰাসাৰ বৰষুণৰ ফলত শস্যৰ বিপুল ক্ষতিসাধন হয় ফলত ঋণগ্ৰস্ত কৃষকে উপায়বিহীন হৈ আত্মহত্যাৰ পথ বাছি লয়(farmer suicides) ।

জানিব পৰা মতে, শুকুৰবাৰে সংঘটিত হয় এই ঘটনাটো । শুকুৰবাৰে তেলেংগানাৰ বিভিন্ন স্থানত আত্মহত্যা কৰে কৃষক চাৰিজনে ।ইয়াৰে এজন ৰাজ্যখনৰ কোঠাপল্লীগোৰী জিলাৰ কৃষক গাট্টু ৰাজায়া (৫৫)বুলি চিনাক্ত কৰা হৈছে।জানিব পৰা মতে তেওঁৰ ১.২০ একৰ মাটিৰ খেতিপথাৰ আছে আৰু ১.২০ একৰ মাটি তেওঁ লীজত লৈ জলকীয়াৰ খেতি কৰিছিল । কিন্তু ক’লা পলুৰ বাবে তেওঁৰ শস্য নষ্ট হৈ যায়।যাৰ ফলত তেওঁ মানসিকভাৱে চিন্তাত পৰিছিল। তেওঁ খেতিৰ নামত ৫ লাখ টকা ঋণ লৈছিল ।

কিন্তু তেওঁ শেহতীয়াকৈ কপাহ ৰোপণ কৰে যদিও ধাৰাষাৰ বৰষুণৰ ফলত বেছিভাগ উদ্ভিদেই ধ্বংস হৈ যায় । ইয়াৰ উপৰি শুকুৰবাৰে তেওঁৰ বৈদ্যুতিক মটৰটোও জ্বলি যায় । যাৰ ফলত তেওঁ উপায়বিহীন হৈ পৰে । আৰু উপায়ন্তৰ হৈ খেতিপথাৰতে কীটনাশক দ্ৰৱ্য় পান কৰি আত্মহত্যাৰ দৰে চৰম সিদ্ধান্ত বাছি লয় ।

ইফালে,মুলুগু জিলা এৰম ৰাম ৰামকৃষ্ণ ৰেড্ডীয়ে (৪৩) নামৰ এজন কৃষকে ৩০ বিঘা মাটিৰ লগতে ৭ একৰ মাটি লীজত লৈ কপাহৰ খেতি কৰিছিল। কিন্তু শেহতীয়াকৈ হোৱা ধাৰাসাৰ বৰষুণৰ ফলত খেতিডৰা নষ্ট হয় ।আৰু লোকচানৰ সন্মুখীন হয় । জানিব পৰা খেতিৰ বাবে বেঙ্কৰ পৰাও ৩.৫০ লাখ টকা ঋণ লৈছিল। কিন্তু শস্যত লোকচানৰ সন্মুখীন হোৱাৰ বাবে পৰিশোধ কৰিব নোৱাৰাত ঋণৰ বোজাত আত্মহত্যা কৰে।

আন এজন ভুৱনাগিৰি জিলাৰ কৃষক ৰাজশেখৰ ৰেড্ডীয়ে (৩৫) তেওঁৰ দুই একৰ মাটিৰ উপৰি তিনি একৰ মাটি লীজত লৈছিল । কিন্তু শস্যৰ উৎপাদন ভাল ন’হল যাৰ ফলত তেওঁ বহু ঋণৰ বোজা লবলগীয়া হয় ফলত ঋণৰ বোজা সহিব নোৱাৰি আত্মহত্যা কৰে ।

আন এটা সংঘটিত হৈছে নলগোণ্ডা জিলাত । নলগোণ্ডা জিলাৰ কৃষক অন্নম কৃষ্ণাই (৩২) আঢ়ৈ একৰ মাটি লীজত লৈ কপাহৰ খেতি কৰিছিল । কিন্তু বতৰৰ বাবে খেতি ভাল ন’হল আৰু লোকচানৰ সন্মুখীন হয় । যাৰ ফলত তেওঁৰ ৪ লাখ টকাৰ ঋণৰ বোজাত পৰিছিল । দুমাহ পূৰ্বে তেওঁৰ পত্নীৰ অসুস্থতাৰ বাবে ২.৫০ লাখ টকা খৰচ কৰিছিল । কিন্তু এই ঋণ কেনেদৰে পৰিশোধ কৰিব নাপাই তেওঁ শুকুৰবাৰে কীটনাশক দ্ৰৱ্য পান কৰি আত্মহত্যা কৰে ।

লগতে পঢ়ক :Rahul Gandhi to Visit Wayanad : নিজৰ সংসদীয় সমষ্টি ৱায়ানাডলৈ যাত্ৰা ৰাহুল গান্ধীৰ