Local, Vocal, Global

Rahul Gandhi to Visit Wayanad : নিজৰ সংসদীয় সমষ্টি ৱায়ানাডলৈ যাত্ৰা ৰাহুল গান্ধীৰ

নেশ্যনেল ডেস্ক, ১২ আগষ্ট : কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে শনিবাৰে পুৱা দিল্লীৰ পৰা ইণ্ডিগ’ বিমানেৰে কইম্বাটুৰ বিমানবন্দৰত উপস্থিত হয়(Rahul Gandhi to Visit Wayanad)। দুদিনীয়া তামিলনাডু আৰু কেৰালা ভ্ৰমণৰ সময়ত আজিৰ পৰা গান্ধীয়ে উধাগমণ্ডলম (উটি)ও ভ্ৰমণ কৰিব। ইয়াৰ পিছতে ৰাহুল গান্ধীয়ে সংসদীয় সমষ্টি ৱায়ানাডলৈ যাত্ৰা কৰাৰ কথা আছে (Congress MP Rahul Gandhi lands at Coimbatore airport)।

লোকসভাৰ সাংসদ পদ পুনৰ ঘুৰাই পোৱাৰ পিছত এইটো হৈছে প্ৰথমবাৰৰ বাবে নিজৰ সংসদীয় সমষ্টি ভ্ৰমণ । । কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে দিল্লীত থকা তেওঁৰ বাসগৃহৰ পৰা কেৰালাৰ ৱায়ানাড সংসদীয় সমষ্টিলৈ ৰাওনা হয় । কেৰালাত কংগ্ৰেছ নেতাই ৰাজহুৱা সভা আৰু কলপেটাৰ কাইথাংগু প্ৰকল্পৰ অধীনত নিৰ্মিত ৯টা ঘৰৰ মূল হস্তান্তৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিব।

উল্লেখ্য যে ৪ আগষ্টত উচ্চতম ন্যায়ালয়ে ‘মোদী’ উপাধি মন্তব্য গোচৰত দোষী সাব্যস্ত হোৱাটো স্থগিত ৰখাৰ পিছত সোমবাৰে লোকসভা সচিবালয়ে ৰাহুল গান্ধীৰ সদস্য পদ ওভতাই দিয়ে । ইয়াৰ পূৰ্বে মঙলবাৰে কেৰালা প্ৰদেশ কংগ্ৰেছ কমিটীৰ কাৰ্যকৰী সভাপতি ভি টি ছিদ্দিকে কয়, “ৰাহুল গান্ধী ১২ আগষ্টত ৱায়ানাডলৈ আহিব । আমি তেওঁৰ বাবে এক উষ্ণ অভ্যৰ্থনাৰ ব্যৱস্থা কৰিবলৈ গৈ আছোঁ আৰু প্ৰস্তুতি ইতিমধ্যে আৰম্ভ হৈছে । কাইলৈ জিলা কংগ্ৰেছ সমিতিৰ বৈঠক আছে । ৰাহুল গান্ধী ইয়াৰ বাবে ১২ আৰু ১৩ আগষ্টত উপস্থিত থাকিব । ৰাহুল গান্ধীক ৱায়ানাডত এনে এক উষ্ম আদৰণি জনোৱা হ’ব, যিটো ইতিহাসত কেতিয়াও হোৱা নাই ।”

কেৰালা প্ৰদেশ কংগ্ৰেছ কমিটীৰ কাৰ্যকৰী সভাপতি ভি টি ছিদ্দিকে কয় যে , গান্ধীয়ে জিলা কংগ্ৰেছ সমিতিৰ এখন বৈঠকত অংশগ্ৰহণ কৰিব । সূত্ৰঅনুসৰি, কংগ্ৰেছ সাংসদজনে ছেপ্টেম্বৰৰ দ্বিতীয় সপ্তাহৰ পৰা বেলজিয়াম, নৰৱে আৰু ফ্ৰান্স নামৰ তিনিখন দেশক সামৰি ইউৰোপ ভ্ৰমণ আৰম্ভ কৰিব য’ত তেওঁ ইউৰোপীয় ইউনিয়নৰ সাংসদ, ভাৰতীয় প্ৰবাসী আৰু বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলক সাক্ষাৎ কৰিব।

ইফালে দলীয় সূত্ৰ অনুসৰি, ৰাহুল গান্ধীৰ নামত ১২ তোঘলক লেনৰ বাংলোটো পুনৰ আবণ্টন কৰা হৈছে । সূত্ৰটোৱে জনোৱা অনুসৰি “ৰাহুল গান্ধীয়ে সাংসদ হিচাপে দিল্লীত এটা বাংলো আবণ্টন কৰাৰ বাবে ইষ্টেট কাৰ্যালয়ৰ পৰা আনুষ্ঠানিক নিশ্চিতি লাভ কৰিছে ।”

উল্লেখ্য যে দোষী সাব্যস্ত হোৱাৰ ফলস্বৰূপে কংগ্ৰেছ নেতাজনক ২৪ মাৰ্চত সংসদৰ নিম্ন সদনৰ সদস্য হিচাপে অযোগ্য ঘোষণা কৰা হৈছিল । লগতে ‘মোদী উপাধি’ মন্তব্যৰ বাবে তেওঁক দুবছৰৰ কাৰাদণ্ড প্ৰদান কৰা হৈছিল । ইয়াৰ পিছত চুৰাট ছেছন আদালতে ২০ এপ্ৰিলত মানহানিৰ গোচৰত তেওঁ দোষী সাব্যস্ত হোৱাৰ ওপৰত স্থগিতাদেশ প্ৰদানৰ বাবে তেওঁৰ অন্তৰ্ৱৰ্তীকালীন আবেদনৰ ওপৰত নিৰ্দেশ ঘোষণা কৰাৰ এদিন পিছত বাংলোটো খালী কৰাৰ পদক্ষেপ গ্ৰহণ কৰা হৈছিল । ৰাহুল গান্ধীয়ে তেতিয়াৰে পৰা কংগ্ৰেছৰ প্ৰাক্তন অধ্যক্ষ ছোনিয়া গান্ধীৰ ১০ জনপথ ৰোডৰ বাসগৃহতে আছিল ।

লগতে পঢ়ক : Rahul Gandhi over flying kiss in Parliament: মাৰ যোৱা নাই কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ‘ফ্লাইং কিছ’ বিতৰ্ক