Local, Vocal, Global

Sensational robbery in Morigaon : চোকা অস্ত্ৰ দেখুৱাই ব্যৱসায়ীৰ পৰা লুটি নিলে টকাৰ বেগ, বেগটোত আছিল ২টা মোবাইল ফোন

নিউজ ডেস্ক, ১২ আগষ্ট : নিশা মৰিগাওঁত সংঘটিত হ’ল এক চাঞ্চল্যকৰ ডকাইকি কাণ্ড(Sensational robbery in Morigaon) । এখন ব্যৱসায়ী প্রতিষ্ঠানৰ স্বত্বাধিকাৰীৰ পৰা কাঢ়ি নিলে বেগ । বাইকত অহা ৩ জনীয়া ডকাইতৰ দলে দেগাৰ দেখুৱাই লুটিলে টকাৰ বেগটো। বেগটোত আছিল হিচাপৰ বহীও।

মৰিগাঁও হাজৰিকা মাৰ্কেটৰ কে‌.কে. এন্টাৰপ্ৰাইজৰ স্বত্বাধিকাৰী কিশোৰ কুমাৰ জৈনৰ নামৰ ব্যক্তিজনৰ পৰা ডকাইতে কাঢ়ি লৈ গ’ল প্ৰায় ৬০ হাজাৰ টকা(Robbery at night in Morigaon) । লগতে কাঢ়ি লৈ যায় দুটাকৈ ম’বাইল । ব্যৱসায়ী কিশোৰ জৈনে প্রতিষ্ঠান বন্ধ কৰি ঘৰলৈ গৈ থকা অৱস্থাত এই ডকাইতি কাণ্ড সংঘটিত হয় ।

জানিবলৈ পৰা মতে, শুকুৰবাৰে নিশা মৰিগাঁও চহৰৰ মাজমজিয়াত কিশোৰ কুমাৰ জৈনে নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা ঘৰলৈ ওভতাৰ পথত এখন ৰঙা পালচাৰ বাইকত অহা তিনি যুৱকে ঘৰৰ সমীপতে আগচি ধৰি ডেগাৰ দেখুৱাই টকাৰ বেগটো কাঢ়িবলৈ টনা-আজোৰা কৰোতে হঠাতে পৰি যায় ব্যৱসায়ীজন । ইয়াৰ পিছতে ব্যৱসায়ী কিশোৰ কুমাৰ জৈনে প্ৰাণ ৰক্ষাত বেগটো এৰি দিয়াৰ লগতে ঘটনাস্থলীৰ পৰা আঁতৰি যায় বুলি উল্লেখ কৰে ।

ভুক্তভোগী লোকজনে জনোৱা অনুসৰি তিনিজনীয়া ডকাইতৰ দলটোৱে হেলমেট পৰিধান কৰি আহিছিল বুলি জানিবলৈ দিয়ে । ঘটনাটো সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীত এক হুলস্থলীয়া পৰিবেশৰ সৃষ্টি হয় । আৰক্ষীয়ে ডকাইতি ঘটনাৰ তদন্ত কৰিছে যদিও ঘটনা সন্দৰ্ভত কোনো তথ্য লাভ কৰিবলৈ সক্ষম হোৱা নাই বুলি জানিব পৰা গৈছে ।

ঘটনাস্থলীত বীৰ লাচিত সেনা অসমৰ মৰিগাঁও জিলা সমিতিৰ সম্পাদক দীপমণি হীৰাই মৰিগাঁও আৰক্ষী থানাৰ পৰা কেৱল মাত্ৰ ১০০ মিটাৰ আঁতৰত সংঘটিত হোৱা ঘটনাটোত আৰক্ষীৰ ভূমিকাক তীব্ৰ সমালোচনা কৰে ৷ চহৰখনৰ মাজমজিয়াত সৰ্বসাধাৰণৰ জীৱনৰ নিৰাপত্তা দিবলৈ ব্যৰ্থ হোৱা মৰিগাঁও আৰক্ষী অধীক্ষক আৰু অসম আৰক্ষীৰ সঞ্চালক প্ৰধানক এইক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনায় ।

জানিব পৰা মতে উক্ত অঞ্চলটোত পূৰ্বেও একাধিক ডকাইতি কাণ্ড সংঘটিত হৈছে ।

লগতে পঢ়ক : Madhya Pradesh Road Accident : তীব্ৰবেগী ট্ৰাক আৰু বাছৰ মাজত মুখামুখি সংঘৰ্ষ,আহত ৪০ জনৰো অধিক