Local, Vocal, Global

Madhya Pradesh Road Accident : তীব্ৰবেগী ট্ৰাক আৰু বাছৰ মাজত মুখামুখি সংঘৰ্ষ,আহত ৪০ জনৰো অধিক

নেশ্যনেল ডেস্ক,১২ আগষ্ট : মধ্যপ্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা ।মধ্যপ্ৰদেশৰ সিধি জিলাত সংঘটি হয় এক শোকাৱহ দুৰ্ঘটনাটো ।

শুকুৰবাৰে নিশা প্ৰায় ১২ মান বজাত সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনাটো । শুকুৰবাৰে নিশা মধ্যপ্ৰদেশ ৰীৱা সিধিৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথ বধৌৰাত এখন তীব্ৰবেগী ট্ৰাক আৰু বাছৰ মাজত মুখামুখি সংঘৰ্ষ হয় । জানিব পৰা মতে, এখন তীব্ৰবেগী ট্ৰাকে গৌতম নামৰ এখন যাত্ৰীবাহী বাছক খুন্দা মাৰে । সংঘৰ্ষৰ পিছতে বাগৰি পৰে বাছখন বাছখন । সতনাৰ পৰা সিংগৰৌলী অভিমুখে গৈ আছিল ।ফলত সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনাটো ।
প্ৰাপ্ত তথ্য় অনুসৰি, এই দুৰ্ঘটনাৰ ফলত ৪০ জনৰো অধিক লোক আহত হয় ইয়াৰে ৬জনৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে (40 Injured In Bus-Truck Collision On NH 39 Near Badhaura Village Of Rewa District) ।

জানিব পৰা মতে, দুৰ্ঘটনাগ্ৰস্ত বাছখনত ৫০ জনৰো অধিক যাত্ৰী আছিলে ।এই দুৰ্ঘটনাৰ বিষয়ে খবৰ পাই চুৰহট আৰক্ষী থানা, ছেমৰিয়া আৰু জামোদী থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় ৷ তাৰ পাছতে ঘটনাস্থলীৰ পৰা আহত লোকসকলক ১০৮ এম্বুলেন্সৰ জৰিয়তে সিধি জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰে । লগতে আন একাংশ যাত্ৰীক চুৰহট সামূহিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ প্ৰেৰণ কৰা হয় ৷

চুৰহট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পুষ্পেন্দ্ৰ মিশ্ৰই কয় যে ট্ৰাক চালকজনৰ ভুলৰ বাবে এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয় ।লগতে আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াজনে কয় যে, এটা গৰুটোক বচাবলৈ যাওঁতে বাছখনক খুন্দা মাৰে ট্ৰাকখনে ।

প্ৰাপ্ত তথ্য় অনুসৰি, আহতসকলক বৰ্তমানো চিকিৎসালয়তে আছে ৷ এজন প্ৰত্যক্ষদৰ্শীয়ে কয় যে , ‘‘দুৰ্ঘটনাগ্ৰস্ত বাছখনত ৫০ জনতকৈ অধিক যাত্ৰী আছিল । এই শোকাৱহ দুৰ্ঘটনাৰ ফলত বহু যাত্ৰী গুৰুতৰভাৱে আহত হৈছে ৷ তীব্ৰবেগী ট্ৰাকখনে বাছখনত খুন্দ মাৰে আৰু তাৰ পাছতে যাত্ৰীবাহী বাছখন বাগৰি পৰে । এই দুৰ্ঘটনাটো ইমানে ভয়ংকৰ আছিলে যে দুৰ্ঘটনাটোৰ ফলত বহু যাত্ৰীৰ হাত-ভৰি ভাঙি যোৱাৰ আকাংশা কৰা হৈছে আছে । লগতে এই দুৰ্ঘটনাটোৰ পিছতে একাংশ যাত্ৰীয়ে খিৰিকী ভাঙি বাহিৰলৈ ওলাই আহে’’ ৷বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে বহু যাত্ৰী ।

লগতে পঢ়ক :Mosque collapses during prayers : নামাজ পঢ়ি থকা সময়তে ভাঙি পৰিল মছজিদৰ এটা অংশ