Local, Vocal, Global

Mosque collapses during prayers : নামাজ পঢ়ি থকা সময়তে ভাঙি পৰিল মছজিদৰ এটা অংশ

ইন্টাৰনেশ্যনেল ডেস্ক, ১২আগষ্ট : নাইজেৰিয়াত সংঘটিত হয় অঘটন । মছজিদত নামাজ পঢ়ি থকা অৱস্থাতে মছজিদৰ এটা অংশ ভাঙি পৰে । ফলত নিহত হয় ৭জনকৈ লোক আৰু গুৰুতৰভৱে আহত হয় ৩৩জনকৈ লোক।জানিব পৰা মতে সেয় সময়ত ১০০ ৰো অধিক লোক নামাজ পঢ়ি আছিল(Mosque collapses during prayers) ।

উল্লেখ্য যে, নাইজেৰিয়াত শুকুৰবাৰে সংঘটিত হয় এই অঘটনটো ৷ শুকুৰবাৰে নামাজ পঢ়ি থকাৰ সময়তে নাইজেৰিয়াৰ জাৰিয়াত অৱস্থিত জাৰিয়া চেণ্ট্ৰেল মছজিদৰ এটা অংশ ভাঙি পৰে । জানিব পৰা মতে শুকুৰবাৰে নামাজ পঢ়িবলৈ প্ৰায় ১০০ৰো অধিক লোক জুম হৈছিল । আৰু সেয় সময়তে ভাঙি পৰে মছজিদৰ এটা অংশ (Mosque collapses during prayers in northwestern Nigeria 7 killed) ।

নাইজেৰিয়াৰ উত্তৰ-পশ্চিম কাডুনা ৰাজ্যৰ বিভাগীয় মুৰব্বীয়ে জানিবলৈ দিয়া অনুসৰি, ঘটনটো সংঘটিত হোৱাৰ সময়ত জাৰিয়া চেণ্ট্ৰেল মছজিদত নামাজৰ বাবে অংশগ্ৰহণ কৰিছিল 100 ৰো অধিক লোকে ৷ এই শোকাৱহ ঘটনাক কেন্দ্ৰ কৰি নাইজেৰিয়াতে এক উত্তেজনাময়ৰ পৰিৱেশৰ সৃষ্টি হৈছে ৷

এই ঘটনা সংঘটিত হোৱাৰ কিছু সময়ৰ পিছেত ঘটনাস্থলীত উপস্থিত হয় উদ্ধাৰকাৰী দল । আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰে ৷ জৰুৰীকালীন ব্যৱস্থাপনা সংস্থাই জনোৱা অনুসৰি, ‘আমাৰ অগ্নিনিৰ্বাপক বাহিনীৰ লোকে ২৩ জন লোকক উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ প্ৰেৰণ কৰেআৰু উদ্ধাৰ অভিযান চলাই আছে (7 killed as mosque collapses during prayers in northwestern Nigeria)।

প্ৰাপ্ত তথ্য অনুসৰি, এই দুৰ্ঘটনাটোৰ ফলত বহু কেইজন লোক গুৰুতৰভাৱে আহত হয় আনহাতে থিতাতে নিহত হয় সাতজন লোক ৷ বৰ্তমানলৈ উদ্ধাৰকাৰী দলে ৩৩ জন লোকক উদ্ধাৰ কৰি চিকিৎসালয়ত প্ৰেৰণ কৰে ৷

এই ঘটনাৰ সম্পৰ্ক নাইজেৰিয়াৰ এগৰাকী ৰাজ্যিক পৰ্যায়ৰ বিষয়াই কয় যে জাৰিয়া চেণ্ট্ৰেল মছজিদটো ১৮৩০ চনতে নিৰ্মাণ কৰা হৈছিল । ১৮৩০ চনত নিৰ্মাণ কৰা জাৰিয়া চেণ্ট্ৰেল মছজিদটোৰ শুকুৰবাৰে এটা অংশত বহু লোকে নামাজ পঢ়ি আছিল ৷ আৰু নামাজ পঢ়ি থকাৰ সময়তে হঠাৎ মছজিদৰ ওপৰৰ এটা অংশ ভাঙি পৰি যায়(A mosque in northwestern Nigeria collapses during prayers) ৷

এই ঘটনাৰ সমগ্ৰ দৃশ্য CCTV কেমেৰাত বন্দী হৈছে ৷ ইফালে কাডুনাৰ গভৰ্ণৰ উবা ছানীয়ে এই দুৰ্ঘটনাটোৰ তদন্তৰ নিৰ্দেশ দিয়ে ৷ লগতে এই দুৰ্ঘটাৰ ফলত আহত আৰু নিহত লোকসকলক সহায় কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ।

লগতে পঢ়ক :Cloudburst Himachal Pradesh: হিমাচল প্ৰদেশত বৰষুণৰ বিধ্বংসী ৰূপ