চকুলো টুকি আছুৰ পৰা বিদায় লুৰিণজ্যোতি গগৈৰ

অশ্ৰুসিক্ত নয়নেৰে আছুৰ পৰা বিদায় ল’লে লুৰিণজ্যোতি গগৈয়ে। সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকৰূপে ৫ বছৰীয়া কাৰ্যকাল সামৰি সংগঠনটোৰ পৰা আনুষ্ঠানিকভাৱে বিদায় ল’লে লুৰিণজ্যোতি গগৈয়ে। দুলীয়াজানৰ সদ্য সমাপ্ত আছুৰ অধিৱেশনতে ছাত্ৰ সংগঠনটোৰ পৰা অব্যাহতি লোৱাৰ কথা ঘোষণা কৰিছিল ছাত্ৰ নেতাজনে। পিছত গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত কাৰ্যনিৰ্বাহকত সংগঠনটোৰ নতুন সমিতিক দায়িত্বভাৰ অৰ্পণ কৰি আজি আনুষ্ঠানিকভাৱে বিদায় সম্ভাষণ গ্ৰহণ কৰিলে লুৰিণজ্যোতিয়ে। নিজৰ কাৰ্যকালত বলিষ্ঠভাৱে ছাত্ৰ সংগঠনটোৰ নেতৃত্ব বহন কৰি কা আন্দোলনকে ধৰি একাধিক আন্দোলন আৰু জাতীয় জীৱনৰ সৈতে বিভিন্ন প্ৰসংগত সজোৰে মাত মাতি ৰাজ্যবাসীৰ আস্থা আদায় কৰিবলৈ সক্ষম হৈছিল আছুৰ সদ্য প্ৰাক্তন সাধাৰণ সম্পাদকজনে। ছাত্ৰ নেতাৰ জীৱন সামৰি এইবাৰ ৰাজনীতিৰ পথাৰত খোজ দিব লুৰিণজ্যোতি গগৈয়ে। সদৌ অসম ছাত্ৰ সন্থাৰ ঔৰষত সদ্য জন্মপ্ৰাপ্ত অসম জাতীয় পৰিষদত অচিৰেই লুৰিণজ্যোতি গগৈয়ে যোগদান কৰাৰ সম্ভাৱনা। সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা বিদায়ী সাধাৰণ সম্পাদকজনক জ্ঞাপন কৰা হ’ল শুভেচ্ছা।