‘কা’ৰ বিৰুদ্ধে গোচৰ তৰিবলৈ সংগৃহীত ধনৰ হিচাপ দিলে লুৰিণে By MyNewsNE Desk On Dec 3, 2020 Last updated Dec 3, 2020 Share সদৌ অসম ছাত্ৰ সন্থাৰ বিদায়ী সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে দি গ’ল ধনৰ হিচাপ। ছাত্ৰ সন্থাৰ পৰা আনুষ্ঠানিকভাৱে বিদায় সম্ভাষণ গ্ৰহণ কৰি দিয়া ভাষণত ‘কা’ৰ বিৰুদ্ধে গোচৰ চলাবলৈ ছাত্ৰ সন্থাক বিভিন্নজনে দিয়া বৰঙণিৰ হিচাপ আৰু জমা ধন আছুৰ নতুন সম্পাদকক চমজাই দিলে লুৰিণজ্যোতি গগৈয়ে। নাগৰিকত্ব সংশোধনী আইনৰ বিৰূদ্ধে সদৌ অসম ছাত্র সন্থাই ভাৰতৰ মহামান্য উচ্চতম ন্যায়ালয়ত চলোৱা গোচৰৰ বাবে আগবঢ়োৱা ধন ৰাশিৰ জমা ধনৰ পৰিমান: চাঁচনীৰ ধানৰ ৰাহি ধন: 2,30,000/-, তালাপ মহিলা সমিতি: 10,500/- ডাঙৰী মিৰিপথাৰবাসী: 1,800/- চিৰাজুলি, ঢেকিয়াজুলি: 21,100/- তালাপ বাকৰিতলি গাঁও: 1,500/- বৃহত্তৰ কলিয়াপানী আঞ্চলিক যুৱ সমাজ: 21,000/- সংগ্ৰাম সজাগতা সচেতন মহিলা, কোঁৱৰবাম, কাকজান হাবি আৰু কমাৰগাঁও: 10,001/- গোলাঘাট মাৰোৱাৰী সমাজ: 1,00,000/- ডিব্ৰুগড় লেঙেৰীৰ চাউলৰ ধন: 81,140/- টিংখং: 44,210/- চিলাপথাৰ বামগাঁৱৰ মহিলা সমাজ: 30,000/- সৰ্বমুঠ =5,51,152 টকা। এই ধন ৰাশি নাগৰিকত্ব সংশোধনী আইনৰ পৰৱৰ্তী পৰ্যায়ৰ আইনী যুঁজ চলাবলৈ সদৌ অসম ছাত্র সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ হাতত অৰ্পণ কৰা বুলিও জনাই গ’ল লুৰিণজ্যোতি গগৈয়ে। ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা বিদায় লৈ এনেদৰে ৰাজহুৱাভাৱে হিচাপ দাখিল কৰা ছাত্ৰ নেতা হিচাপে নজিৰ ৰাখিলে লুৰিণজ্যোতিয়ে। Related Posts Watch | Dhemaji News: ধেমাজিৰ বৰদলনি জ্যোতি প্ৰকাশ সংঘই… Jun 20, 2025 Watch | Dibrugarh News: ডিব্ৰুগড়ত অসম সাহিত্য সভাৰ বিষয়ববীয়া… Jun 20, 2025 WATCH | Nagaon News : নগাঁৱত উদ্ধাৰ কিশোৰীৰ ঘটনাৰ লগত জড়িত… Jun 17, 2025 Share FacebookTwitterReddItWhatsAppPinterestEmail