Local, Vocal, Global

যোগদান হৈ গ’ল, AJPৰ নেতৃত্ব ল’বলৈ সাজু লুৰিণজ্যোতি গগৈ

শিৱসাগৰত আজিৰে পৰা আৰম্ভ হোৱা অসম জাতীয় পৰিষদৰ ৰাজনৈতিক অভিৱৰ্তনত আনুষ্ঠানিকভাৱে যোগদান কৰিলে সদৌ অসম ছাত্ৰ সন্থাৰ সদ্য প্ৰাক্তন সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে। শিৱসাগৰ নাট্য মন্দিৰত সমৰ্থকৰ হৰ্ষোল্লাসৰ মাজত আনুষ্ঠানিকভাৱে অসম জাতীয় পৰিষদৰ সদস্য পদ গ্ৰহণ কৰি ৰাজনীতিৰ পথাৰত ভৰি দিলে লুৰিণজ্যোতিয়ে। অসম জাতীয় পৰিষদৰ মুখ্য আহ্বায়ক কৃষ্ণগোপাল ভট্টাচাৰ্য আৰু বসন্ত ডেকাৰ উপস্থিতিত লুৰিণজ্যোতিৰ যোগদান পৰ্ব। উপস্থিত আছিল সমন্বয়ক জগদীশ ভূঞা, অদীপ কুমাৰ ফুকন। যোগদানৰ মুহূৰ্তত লুৰিণজ্যোতি গগৈক হাত চাপৰি, জয়ধ্বনিৰে আদৰণি জনায় সমৰ্থকসকলে। কাইলৈ গঠন কৰা হ’ব অসম জাতীয় পৰিষদৰ প্ৰথমখন পূৰ্ণাংগ কমিটী। আশা কৰা হৈছে লুৰিণজ্যোতি গগৈৰ হাততে ন্যস্ত হ’ব অসম জাতীয় পৰিষদৰ গুৰু দায়িত্ব। একেই অনুষ্ঠানত অসম জাতীয় পৰিষদত যোগদান কৰে পাটাছাৰকুছিৰ বিধায়ক অগপৰ পৰা পদত্যাগ কৰা জ্যেষ্ঠ আঞ্চলিকতাবাদী নেতা পবীন্দ্ৰ ডেকাই।