Local, Vocal, Global

কলেষ্ট্ৰ’ল কেনেকৈ নিয়ন্ত্ৰণ কৰিব?

আমি জাংক ফুড খাই সকলোৱে ভাল পাওঁ। কিন্তু আপুনি জানেনে জাংক ফুডে শৰীৰত কলেষ্ট্ৰ’লৰ মাত্ৰা অত্যধিক হাৰত বঢ়ায়। কলেষ্ট্ৰ’ৰেল হৈছে যকৃতৰ ভিতৰত প্ৰস্তুত হোৱা এবিধ ফেটি এচিড। কলেষ্ট্ৰ’ৰেল শৰীৰৰ বাবে উপকাৰী হ’লেও ফেটি এচিডবিধ টকচিনযুক্ত হয়। তেতিয়াই ই শৰীৰৰ অপকাৰ কৰে। বদহজমৰ বাবে শৰীৰত টকচিনৰ উৎপন্ন হয়। যিয়ে শৰীৰত বিভিন্ন ধৰণে প্ৰভাৱ পেলায়। কলেষ্ট্ৰ’ৰেল শৰীৰত কুপ্ৰভাৱৰ পৰা আঁতৰি থাকিবলৈ জাংক ফুড অথবা অধিক মছলাযুক্ত খাদ্য গ্ৰহণৰ পিছত খোজকঢ়াৰ অভ্যাস কৰক। অত্যধিক খাদ্য গ্ৰহণৰ পিছত কুহুমীয়া পানী খাওক। পানী খালে হজম সোনকালে হয়। খাদ্য গ্ৰহণৰ পূৰ্বে শোৱাৰ অভ্যাস ত্যাগ কৰক। ত্ৰিফলা যকৃতৰ বাবে আটাইতকৈ উপকাৰী। সেয়ে কুহুমীয়া পানীৰ সৈতে মৌ আৰু ত্ৰিফলা মিহলাই খাওক। ই হজম শক্তি বৃদ্ধি কৰে।