Local, Vocal, Global

মুছলমান পৰিচয়ৰে হিন্দু যুৱকে প্ৰলোভনেৰে ধৰ্ষণ কৰিলে মুছলমান কিশোৰীক

মুছলমান পৰিচয়ৰে হিন্দু যুৱকে প্ৰলোভনেৰে ধৰ্ষণ কৰিলে মুছলমান কিশোৰীক

মুছলমান পৰিচয় দি হিন্দু যুৱকে প্ৰলোভনেৰে ধৰ্ষণ কৰিলে মুছলমান কিশোৰীক । লাভ জেহাদক লৈ সজাগ হোৱাৰ সময়তে ৰাজ্যত পুনৰ লাভ জেহাদৰ ঘটনা । এইবাৰৰ স্থান বঙাইগাঁও জিলাৰ যোগীঘোপাত । ইতিমধ্যে ধৰ্ষণ কাণ্ডৰ সকলো কথা স্বীকাৰ কৰিছে অভিযুক্ত প্ৰসেনজিৎ বৰ্মণে ।

জানিব পৰা অনুসৰি প্ৰসেনজিৎ বৰ্মণে ধৰ্ষণ কাণ্ড সংঘটিত কৰাৰ পাছতেই কিশোৰীগৰাকীক পলুৱাই লৈ গৈ বিবাহ পাশত আৱদ্ধ হয় । উল্লেখযোগ্য যে প্ৰসেনজিৎ বৰ্মণৰ আছে দুগৰাকীকৈ পত্নী । দুগৰাকীকৈ পত্নী থকাৰ পাছতো পুনৰ বিবাহ পাশত আৱদ্ধ হয় কিশোৰীগৰাকীৰ সৈতে। ইতিমধ্যে অভিযুক্ত প্ৰসেনজিৎ বৰ্মণক গ্ৰেপ্তাৰ কৰিছে যোগীঘোপা আৰক্ষীয়ে ।