Local, Vocal, Global

৫০০ টকা দৰমহা পোৱা বিগ বি বৰ্তমান কোটি টকাৰ সম্পত্তিৰ গৰাকী

৫০০ টকা দৰমহা পোৱা বিগ বি বৰ্তমান কোটি টকাৰ সম্পত্তিৰ গৰাকী

চলচ্চিত্ৰ উদ্যোগৰ এগৰাকী প্ৰতিষ্ঠিত তথা জনপ্ৰিয় অভিনেতা অমিতাভ বচ্চন । অভিনেতাগৰাকীয়ে কোনোধৰণৰ বাহ্যিকতা প্ৰদৰ্শন নকৰাকৈ শান্তিপূৰ্ণভাৱে জীৱন অতিবাহিত কৰিবলৈ বিচাৰে। যিটো সকলোৰে জ্ঞাত । কিন্তু আপুনি জানেনে বিগ বিৰ আছে অতি বিলাসী বাহনৰ লগতে কেইবাটাও ব্যয়বহুল তথা বিলাসী ঘৰ আৰু ফাৰ্ম হাউচ । বিগ বিৰ আছে ৫ টাকৈ বিলাসী গৃহ। যাৰ মূল্য ২০০-৩০০ কোটি। এসময়ত ৫০০ টকাত কাম কৰা অমিতাভ বচ্চন বৰ্তমান কোটি টকাৰ সম্পত্তিৰ গৰাকী । শতিকাৰ চুপাৰষ্টাৰ অমিতাভ বচ্চনে তেওঁৰ কঠোৰ পৰিশ্ৰমৰ আধাৰত তেওঁৰ নাম আৰু খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছে । তেওঁৰ অনুৰাগীসকল তেওঁৰ ফিটনেছ আৰু বিলাসী জীৱনৰ প্ৰতিও আগ্ৰহী ।

আপুনি জানি হয়তো আচৰিত হ’ব যে অমিতাভ বচ্চনে যকৃত, হেপাটাইটিছ আৰু যক্ষ্মা আদিৰ দৰে বহুতো গুৰুতৰ ৰোগক পৰাস্ত কৰিছে। ইয়াৰোপৰি বিগ বি যকৃতৰ ২৫ শতাংশৰে জীয়াই আছে। হয়তো আপুনি বিগ বিক চলচ্চিত্ৰত সুৰা পান কৰা বা ধূমপান কৰা নিশ্চয় দেখিছে । কিন্তু বাস্তৱ জীৱনত অমিতাভ বচ্চন এইসমূহৰ পৰা বহু দূৰত থাকে । ৭৮ বছৰ বয়সীয়া অমিতাভ বচ্চনে তেওঁৰ খাদ্য আৰু পানীয়ৰ প্ৰতি বিশেষভাৱে মনোযোগ দিয়ে । বিগ বিয়ে পূৰ্বতে আমিষ খাদ্য গ্ৰহণ কৰিছিল যদিও বৰ্তমান সম্পূৰ্ণৰূপে নিৰামিষ আহাৰ গ্ৰহণ কৰে।
চেনী আৰু কেলৰি অধিক থকা মিঠাই, কেক বা পেষ্ট্ৰী বিগ বি-য়ে তেওঁৰ খাদ্য তালিকাত সংযোগ নকৰে। এইসমূহৰ সলনি প্ৰতিদিনে তেওঁ এক চামুচকৈ মৌ সেৱন কৰে।

টিভি কুইজ শ্ব’ কৌন বনেগা কৰোড়পতিত অমিতাভ বচ্চনে কৈছিল যে তেওঁ চলচ্চিত্ৰত অভিনয় কৰাৰ পূৰ্বে কলকাতাৰ এটা পৰিচালনা সংস্থা হোম নামৰ এটা প্ৰতিষ্ঠানত কাৰ্যবাহী বিষয়া হিচাপে কাম কৰিছিল । য’ত তেওঁ দৰমহা হিচাপে ৫০০ টকা লাভ কৰিছিল আৰু পিছত দৰমহা ৮০০ টকালৈ বৃদ্ধি পাইছিল। প্ৰায় ৭-৮ বছৰৰ পিছত অমিতাভ বচ্চনে চলচ্চিত্ৰ উদ্যোগত প্ৰৱেশ কৰে আৰু আজি তেওঁ এগৰাকী সফল চলচ্চিত্ৰ তাৰকা হিচাপে প্ৰতিষ্ঠিত। উল্লেখযোগ্য যে অমিতাভ বচ্চনে চলচ্চিত্ৰ, টিভি অনুষ্ঠান কৌন বনেগা কৰোড়পতি, বিজ্ঞাপন আৰু বহুতো ব্ৰেণ্ডৰ জৰিয়তে এক মোটা অংকৰ ধন উপাৰ্জন কৰে। ইয়াৰোপৰি, বিগ বি বাহনৰ প্ৰতি এক বিশেষ দুৰ্বলতা আছে। সেয়ে বিগ বিৰ আছে বিএমডব্লিউ, মাৰ্চিডিজ, ফেণ্টাম আৰু পোৰ্চে লেক্সাসকে ধৰি প্ৰায় ১১ খনকৈ বাহন। অমিতাভ বচ্চনৰ প্ৰিয় বাহন হৈছে পোৰ্চে লেক্সাস, যাৰ এটা টায়াৰৰ মূল্য ২.৫ লাখ টকা