Local, Vocal, Global

হাইলাকান্দিত ৰহস্যজনক বোৱাৰী হত্যা

বিবাহৰ মাত্ৰ তিনিদিন পিছতেই দাৰে ডিঙি ৰেপি হত্যা কৰিলে পত্নীক । হাইলাকান্দিত ৰহস্যজনক বোৱাৰী হত্যা। বিবাহৰ মাত্ৰ তিনি দিন পিছতে স্বামী গৃহৰ গা ধোৱা ঘৰৰ পৰা উদ্ধাৰ হ’ল নৱ বিবাহিতা বোৱাৰীৰ ৰক্তাক্ত মৃতদেহ। হাইলাক‍ান্দি জিলাৰ বোৱালিপাৰ গাঁৱত সংগঠিত হৈছে এই ঘটনা । এই হত্যা কাণ্ডৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মৃত স্বামী আব্দুল ৰহমান লস্কৰক।

উল্লেখযোগ্য যে বোৱালিপাৰ তৃতীয় খণ্ড গাওঁৰ আব্দুল ৰহমান লস্কৰৰ সৈতে যোৱা সোমবাৰে বিবাহ পাশত আবদ্ধ হৈছিল স্থানীয় মোহনপুৰ গাঁৱৰ ওয়াহিদা খানম লস্কৰ । কিন্তু বিয়াৰ মাত্ৰ তিনি দিনৰ পিছতে অৰ্থাৎ আজি স্বামীৰ ঘৰৰ স্নানাগাৰৰ পৰা উদ্ধাৰ হয় ওয়াহিদা খানমৰ ৰক্তাক্ত মৃতদেহ । আজি ৰাতিপুৱা হাইলাকান্দি আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে উদ্ধাৰ কৰে হত্যাকাণ্ডত ব্যবহাৰ হোৱা এখন দা ।

এই ঘটনাৰ পিছতেই বোৱাৰীগৰাকীৰ পৰিয়ালৰ তৰফৰ পৰা হাইলাকান্দি সদৰ আৰক্ষী চকীত এট‍া গোচৰ ৰজু কৰাৰ লগতে আৰক্ষীয়ে বোৱাৰীগৰাকীৰ স্বামী আব্দুল ৰহমান লস্কৰক গ্ৰেপ্তাৰ কৰে । সম্প্ৰতি হাইলাকান্দি সদৰ আৰক্ষী চকীত আব্দুল ৰহমান লস্কৰক আটক কৰি সোধা-পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে । কিন্তু এই হত্যা কাণ্ড যৌতুক নে অন্য কাৰণত সংঘটিত কৰিলে সেয়া বৰ্তমানলৈকে জানিব পৰা হোৱা নাই ।