Local, Vocal, Global

আজিৰে পৰা ৰাজ্য়বাসীয়ে লাভ কৰিব বিনামূলীয়া  বুষ্টাৰ ড’জ

নিউজ ডেক্স,১৫জুলাই : পুনৰ মহামাৰী ক’ভিডৰ কবলত বিশ্ববাসী। দুটা বছৰৰ বিৰতিৰ অন্তত পুনৰ ক’ভিডৰ চতুৰ্থ ঢৌৰ ,দেশৰ লগতে ৰাজ্যতো উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ক’ভিডৰ সংক্ৰমণ।

ৰাজ্য়ৰ বহুকেইটা ঠাইত ৰাজহুৱা স্থানত সকলোৱে মাক্স পৰিধান কৰাতো বাধ্যতামূলক কৰা হৈছে লগতে ছেনিটাইজাৰ , সামাজিক দুৰত্ব মানি চলাৰো নিৰ্দেশ দিছে প্ৰশাসনে।

সেয়ে ক’ভিডৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি মোডী চৰকাৰৰ সিদ্ধান্ত অনুসৰি আজিৰে পৰা ৰাজ্য়বাসীয়ে বিনামূলীয়াকৈ লাভ কৰিব ক’ভিড-১৯ ৰ বুষ্টাৰ ড’জ। ৭৫ দিন ধৰি প্ৰদান কৰা হব এই বিনামূলীয়া বুষ্টাৰ ড’জ।

ৰাজ্যৰ সকলো চৰকাৰী হাস্পতালত বিনামূলীয়াকৈ লাভ কৰিব বুষ্টাৰ ড’জসমূহ।

উল্লেখ্য যে, ক’ভিডক সম্পূৰ্ণ ৰূপে পৰাস্ত কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে গ্ৰহণ কৰিছে এই পদক্ষেপ।