Local, Vocal, Global

গুৱাহাটীত সোমবাৰৰ পৰা ১৪ দিনৰ কঠোৰ লকডাউন

 

গুৱাহাটীত সোমবাৰৰ পৰা ১৪ দিনৰ কঠোৰ লকডাউন

শুকুৰবাৰে NHMৰ কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীত ২৮জুনৰ পৰা ১২জুলাইলৈ পুনৰ লকডাউনৰ কথা ঘোষণা কৰে। প্ৰথম সাতদিন কঠোৰভাৱে লকডাউন পালিত হ’ব।

 সন্ধিয়া ৭ বজাৰ পৰা কঠোৰ সান্ধ্য আইন

স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে যে শুকুৰবাৰে সন্ধিয়া ৭বজাৰ পৰা শনিবাৰে পুৱা ৭বজালৈ অসমত প্ৰযোজ্য হ’ব অতি কঠোৰ সান্ধ্য আইন। এই সময়চোৱাত কোনো লোককে বাহিৰলৈ ওলাই নাহিবলৈ স্বাস্থ্যমন্ত্ৰীৰ আহ্বান৷ স্বাস্থ্যমন্ত্ৰীয়ে জনাই যে এই সময়ছোৱাত আৰক্ষীক কঠোৰ হ’বলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে। উল্লেখ্য যে, যে ইয়াৰ পূৰ্বে নিশা ৯ বজাৰ পৰা আৰম্ভ হৈছিল সান্ধ্য আইন।

 গুৱাহাটীত ১৪ দিনৰ লকডাউনত কি বন্ধ-কি খোলা?

সোমবাৰৰ পৰা গুৱাহাটীত খোলা নাথাকিব শাক-পাচলি, গেলামালৰ দোকান। কেৱল খোলা থাকিব ফাৰ্মাচী, হাস্পতাল। কোনো ৰাজহুৱা যান-বাহন চলাচল কৰিব নোৱাৰিব।ব্যক্তিগত বাহনো চলাব নোৱাৰিব।বন্ধ থাকিব সকলো চৰকাৰী আৰু বেচৰকাৰী কাৰ্যালয়।সকলো ঔদ্যোগিক প্ৰতিষ্ঠান বন্ধ থাকিব।

কমসংখ্যক কৰ্মচাৰীৰে অব্যাহত থাকিব বেংকৰ কাম-কাজ। সেনা, আৰক্ষী, অৰ্ধ-সামৰিক, দুৰ্যোগ প্ৰশমনত জড়িত সকল, সংবাদ মাধ্যম, জৰুৰীকালীন সেৱা চলি থাকিব। যুটীয়া সচিবৰ ওপৰৰ বিষয়াসকল আহিব কাৰ্যালয়ত৷ সচিবালয় আৰু সঞ্চালকালয় খোলা থাকিব৷ গুৰুত্বপূৰ্ণ কিছু নিৰ্মাণৰ কাম-কাজ অব্যাহত থকাৰ কথা জনালে স্বাস্থ্যমন্ত্ৰীয়ে। বানপানীৰ সৈতে জড়িত যান-বাহন চলাচল কৰিব পাৰিব।

মঠ-মন্দিৰসমূহ বন্ধ থাকিব। শেষকৃত্যত শ্মশানত কেৱল ২০জন লোকেহে থাকিব পাৰিব। আন্তঃৰাজ্যিক ৰাজহুৱা পৰিবহণ ব্যৱস্থা সম্পূৰ্ণৰূপে বন্ধ থাকিব। কোনো লোকক বাহন চলাচলৰ বাবে পাছ দিয়া নহ’ব৷ কিছু বিশেষ ৰে’লৰ চলাচল আৰু বিমান সেৱা অব্যাহত থাকিব যাত্ৰীসকলৰ বাবে। তেওঁলোকৰ বাবে ৰে’ল বা বিমানৰ টিকটটোৱেই হ’ব পাছ।

লকডাউনৰ সময়ত বাহিৰৰ পৰা মানুহ আহিব পাৰিব কিন্তু গুৱাহাটীত থাকিব নোৱাৰিব৷ গুৱাহাটীৰ বাসিন্দা বাহিৰৰ পৰা আহিলে কোৱাৰিণ্টাইন হ’ব লাগিব।

ৰাজ্যৰ আন ঠাইত শনি-দেওবাৰে লকডাউন

গুৱাহাটীত ১৪দিনীয়া সম্পূৰ্ণ লকডাউনৰ লগতে সমগ্ৰ অসমত প্ৰতি শনি আৰু দেওবাৰে থাকিব লকডাউন। ৰাজ্যৰ সমূহ টাউন আৰু পৌৰসভা এলেকাত প্ৰতি শনিবাৰ আৰু দেওবাৰে হ’ব লকডাউন। কৰ’নাৰ ভয়াৱহতা শেষ নোহোৱাপৰ্যন্ত অব্যাহত থাকিব প্ৰতি শনি আৰু দেওবাৰে লকডাউন।

কিয় চৰকাৰৰ লকডাউনৰ কঠোৰ সিদ্ধান্ত?

গুৱাহাটীত ক্ৰমাৎ জটিল হৈছে পৰিস্থিতি। দিনে দিনে বৃদ্ধি পাইছে ক’ৰনাত আক্ৰান্ত লোকৰ সংখ্যা। গুৱাহাটীত প্ৰতিদিনে শতাধিক ট্ৰেভেল হিষ্ট্ৰী নথকা লোক আক্ৰান্ত হৈছে কৰ’নাত৷ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলত কয় যে- ৰাজ্যৰ অধিকসংখ্যক কৰ’না আক্ৰান্ত গুৱাহাটী মহানগৰীৰ। ১৫ জুনৰ পৰা গুৱাহাটীত আক্ৰান্তৰ সংখ্যা ৭৬২৷ তাৰে ৬৭৭জনেই গুৱাহাটীতে চলা-ফিৰা কৰি থকা লোক৷ বৃহস্পতিবাৰৰ দিনটোত আক্ৰান্ত ২৭৬জনৰ ১৩৩জনেই গুৱাহাটীৰ ট্ৰেভেল হিষ্ট্ৰী নথকা ব্যক্তি৷ গতিকে গুৱাহাটীত কৰ’নাৰ গণ সংক্ৰমণৰ আশংকা কৰা হৈছে৷ এনে ভয়াৱহ পৰিস্থিতি স্বত্ৱেও গুৱাহাটীৰ ১০ শতাংশ লোকেও মাস্ক পৰিধান কৰা পৰিলক্ষিত হোৱা নাই৷ সামাজিক দূৰত্বও নিয়মমাফিক পালন কৰা নাই। গতিকেই আনলক চলি দেশত গুৱাহাটীত আকৌ লকডাউন৷