Local, Vocal, Global

আজি সন্ধিয়াৰ ৭ বজাৰ পৰাই ঘৰতে থাকক ! ঘৰতে থাকক !

 গুৱাহাটী মহানগৰীত পুনৰ লকডাউন ।

আজি সন্ধিয়া ৭ বজাৰ পৰা কাৰ্যকৰী হ’ব গুৱাহাটী মহানগৰীত লকডাউন । মহানগৰীত প্ৰতিদিনে বৃদ্ধি পাইছে কৰ’নাৰ গণ-সংক্ৰমন । যাৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে মহানগৰীত পুনৰ ১৪ দিনৰ বাবে লকডাউন প্ৰবৰ্তন কৰা বাবে সিন্ধান্ত গ্ৰহণ কৰে । পূৰ্বৰ তুলনাত যঠেষ্ট কঠোৰ হ’ব এইবাৰৰ লকডাউন । ফাৰ্মাচী-হাস্পতালৰ বাহিৰে বন্ধ থাকিব সকলো ব্যৱসায়িক প্ৰতিষ্ঠান । বন্ধ থাকিব চৰকাৰী-বেচৰকাৰী কাৰ্যলয় । ৫৬ দিনৰ কেন্দ্ৰীয় চৰকাৰে প্ৰবৰ্তন কৰা লকডাউনৰ পিছত ১ জুনৰ পৰা কিছু শিথিলতা আহিছিল যদিও আজিৰে পৰাই মহানগৰী হৈ পৰিব পুনৰ অচল ।

মাত্ৰ কমসংখ্যক কৰ্মচাৰীৰে অব্যাহত থাকিব বেংকৰ কাম-কাজ। সেনা, আৰক্ষী, অৰ্ধ-সামৰিক, দুৰ্যোগ প্ৰশমনত জড়িত সকল, সংবাদ মাধ্যম, জৰুৰীকালীন সেৱা চলি থাকিব। যুটীয়া সচিবৰ ওপৰৰ বিষয়াসকল আহিব কাৰ্যালয়ত ৷ সচিবালয় আৰু সঞ্চালকালয় খোলা থাকিব৷ গুৰুত্বপূৰ্ণ কিছু নিৰ্মাণৰ কাম-কাজ অব্যাহত থকাৰ কথা জনালে স্বাস্থ্যমন্ত্ৰীয়ে। বানপানীৰ সৈতে জড়িত যান-বাহন চলাচল কৰিব পাৰিব। অব্যাহত থাকিব ৰাজ্য চৰকাৰৰ গুৰুত্বপুৰ্ণ নিৰ্মাণ কাৰ্য ।

লকডাউনৰ নিয়ম উলংঘাকাৰীৰ বিৰোদ্ধে কঠোৰ হ’ব প্ৰশাসন ।