Local, Vocal, Global

কণ্টেইনমেণ্ট জ’ন ঘোষণা ধুবুৰীৰ আৱৰ্ত ভৱন

ধুবুৰীৰ আৱৰ্ত ভৱন ঘোষণা  কণ্টেইনমেণ্ট জ’ন হিচাপে। এজন আৰক্ষী অধীক্ষক পৰ্যায়ৰ বিষয়াৰ দেহত ক’ভিড পজিটিভ ধৰা পৰা  পিছতে এই ব্যৱস্থা গ্ৰহণ কৰিছে ধুবুৰী জিলা প্ৰশাসনে। ধুবুৰী জিলাৰ অসম-বংগ সীমান্তৰ ছাগলীয়াত কৰ্তব্যৰত আছিল বিষয়াজন। উক্ত ঘটনাৰ পিছতে এতিয়া  হুৱাদুৱা লাগিছে অৱৰ্ত ভৱনটোত কৰ্মৰত প্ৰায় ১৭ জনকৈ কৰ্মচাৰীৰ মাজত।তাৎপৰ্যপূৰ্ণভাৱে  তিনদিন পূৰ্বে অসম চৰকাৰৰ মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্ম আৰু দুদিন পূৰ্বে মন্ত্ৰী ফণীভূষণ চৌধুৰীও আহিছিল ধুবুৰীৰ আৱৰ্ত ভৱনত । ইয়াৰ উপৰি জিলা প্ৰশাসনৰ কেইবাগৰাকীও শীৰ্ষ বিষয়া স্থায়ীভাৱে থাকে ধুবুৰীৰ আৱৰ্ত ভৱন । ইতিমধ্যে পুৱাৰে পৰা আৰম্ভ হৈছে ধুবুৰী আৱৰ্ত ভৱনত ছেনিটাইজেচন কৰাৰ প্ৰক্ৰিয়া ।