Local, Vocal, Global

এইবাৰ ক’ভিডত আক্ৰান্ত হৈ মৃত্যু তামুলপুৰৰ বিধায়ক লেহোৰাম বড়োৰ

এইবাৰ ক’ভিডত আক্ৰান্ত হৈ জিএমচিএইচত চিকিৎসাধীন হৈ থকা তামুলপুৰৰ বিধায়ক লেহোৰাম বড়োৰ মৃত্যু ঘটিছে।
গ্ৰামোন্নয়ন বিভাগৰ প্ৰাক্তন বিষয়া বড়োৱে প্ৰথমবাৰৰ বাবে বিধানসভালৈ নিৰ্বাচিত হৈছিল ৷ ২০২১ চনৰ বিধানসভাৰ নিৰ্বাচনত ইউপিপিএল দলৰ পৰা জয়ী হৈ আহিছিল প্ৰাৰ্থীগৰাকী ৷
বিধায়ক বড়োৰ মৃত্যুত বিটিআৰ অঞ্চলৰ লগতে সমগ্ৰ ৰাজ্যতে শোকৰ ছাঁ পৰিছে ।‌ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিধায়কগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।‌ তেওঁ টুইটাৰযোগে লিখিছে-“সতীৰ্থ বিধায়ক লেহোৰাম বড়োৰ অকাল বিয়োগত মৰ্মাহত হৈছোঁ। তামুলপুৰ সমষ্টিৰ ৰাইজৰ লগতে সমগ্ৰ অসমৰ ৰাজনৈতিক জীৱনৰ বাবে ই এক বৃহৎ ক্ষতি। এই শোকৰ মুহূৰ্তত মই তেওঁৰ পৰিয়ালবৰ্গৰ দুখৰ সমভাগী হোৱাৰ লগতে মৃতকৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ।”