Local, Vocal, Global

ৰাজ্যৰ চাহ শ্ৰমিক সকলৰ বাবে এটা ভাল খবৰ

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা ই অসম চাহ মজদুৰ সংঘ আৰু আন চাহ সংস্থাৰ প্রতিনিধি বৰ্গৰ সৈতে এখন বৈঠকত মিলিত হয় আৰু চাহ শ্ৰমিকৰ মজুৰি নিৰ্ধাৰণৰ লগত জড়িত বিষয়সমূহক লৈ আলোচনা কৰে। বৈঠকত চাহ শ্ৰমিকসকলৰ দৈনিক মজুৰি ৩৮ টকা বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হয়। উক্ত সিদ্ধান্ত অনুসাৰে এতিয়াৰে পৰা ব্ৰহ্মপুত্ৰ উপত্যকাৰ চাহ শ্ৰমিকসকলে প্রতিদিনে বর্তমানৰ ১৬৭ টকাৰ পৰিৱর্তে ২০৫ টকা আৰু বৰাক উপত্যকাৰ শ্ৰমিকসকলে বর্তমানৰ ১৪৫ টকাৰ পৰিৱর্তে ১৮৩ টকাকৈ লাভ কৰিব।