Local, Vocal, Global

কেতিয়া অনুষ্ঠিত হ’ব মেট্ৰিক পৰীক্ষা?

ছেবাৰ কাৰ্যালয়ত শুক্ৰবাৰে হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত কৰা সন্দৰ্ভত আলোচনাত মিলিত হয় সদৌ অসম ছাত্ৰ  সন্থা। ছেবাৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈন, সচিব সুৰঞ্জনা সেনাপতি আৰু ছেবাৰ অন্য় বিষয়াৰ সৈতে আলোচনাত মিলিত হয় আছুৰ নেতৃবৰ্গ।ছেবা কৰ্তৃপক্ষই দুই-তিনি দিনৰ ভিতৰত অসম চৰকাৰৰ লগত আলোচনা কৰি HSLC পৰীক্ষা কেতিয়া আৰু কেনেদৰে অনুষ্ঠিত কৰা হ’ব সেই বিষয়ে আলোচনা কৰি ৰাজহুৱা কৰিব বুলি কয়।প্ৰায় এঘণ্টা জোৰা আলোচনাত আছুৰ নেতৃবৰ্গই অসমৰ লাখ লাখ ছাত্র-ছাত্ৰীৰ সুনিশ্চিত ভবিষ্যতৰ কথা চিন্তা কৰি প্ৰণালীবদ্ধ ভাবে অতি সোনকালে পৰীক্ষা অনুষ্ঠিত কৰিবলৈ ছেবা কৰ্তৃপক্ষক আহ্বান জনায়।