Local, Vocal, Global

জাতি-ধৰ্মৰ ওপৰত ভোট নহয় উন্নয়ন আৰু শান্তিৰ ওপৰত ভোট দিব ৰাইজে : মুখ্যমন্ত্ৰী

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰ আগত মন্তব্য কৰি কয়,  ৬০ – ৭০ৰ অধিক সংগঠনৰ লগত আলোচনা কৰা হৈছে। সকলো সমস্যাৰ বুজ লোৱা হৈছে। উপ নিৰ্বাচনত পাঁচটা সমষ্টিত বিজয় নিশ্চিত।

এইবাৰ ভোট কোনো দল সংগঠনৰ ওপৰত ভিত্তি কৰি নহয়। উন্নয়নৰ ওপৰত ভোট প্ৰদান কৰিব। আজি মৰনৈ চাহ বাগিচাত নিশা থাকিম। দল সংগঠনে স্মাৰক পত্ৰ দিছে সেই সমস্যা সমাধান কৰা হ’ব। শান্তি, প্ৰগতি আৰু  সমন্বয়ৰ হকে কাম কৰিম। পূৰ্বৰ বিটিচি আৰু বৰ্তমান বিটিচি বেলেগ। জাতি ধৰ্ম, বৰ্ণৰ ওপৰত ভোট নহয় উন্নয়ন আৰু শান্তিৰ ওপৰত ভোট দিব ৰাইজে। বিপিএফৰ বহু ব্যক্তি ইউ পি পি এল, বিজেপিত যোগদান কৰিছে। আমি ভাল কাম কৰিলে মানুহ আহি থাকিব।