Local, Vocal, Global

দহ বছৰৰ বাবে অস্কাৰৰ পৰা নিষিদ্ধ হ’ল হলিউদৰ অভিনেতা উইল স্মিথ

নিউজ ডেস্ক, ৯ এপ্ৰিলঃ ঘোষকৰ গালত চৰ শোধাই ১০ বছৰৰ বাবে অস্কাৰৰ পৰা নিষিদ্ধ হ’ল হলিউদ অভিনেতা উইল স্মিথ। অস্কাৰ বঁটা প্ৰদানৰ নিশা ঘোষক হিচাপে থকা জনপ্ৰিয় কমেডিয়ান ক্ৰিজ ৰকৰ গালত চৰ শোধাইছিল উইল স্মিথে।

পত্নীক লৈ কৰা এক ব্যংগাত্মক মন্তব্যক গভীৰভাৱে লৈ চৰ শোধাইছিল উইল স্মিথে ৷ অনুতপ্ত স্মিথে নিজৰ ভুল স্বীকাৰ কৰি ক্ষমাও বিচাৰিছিল ৰাজহুৱাকৈ ৷

অস্কাৰৰ দৰে অনুষ্ঠানত এনে ব্যৱহাৰৰ বাবে ক্ষমা প্ৰাৰ্থনাও কৰিছিল স্মিথে। কিন্তু তেওঁৰ ব্যৱহাৰৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে একাডেমী অৱ্ মোছন পিক্চাৰ আৰ্টছ এণ্ড চায়েন্সেছৰ বিশেষ বৰ্ডে। অৱশ্যে এই ব্যৱহাৰৰ পাছতেই একাডেমীৰ পৰা অব্যাহতি লৈছিল স্মিথে।

একাডেমী অৱ্ মোছন পিক্চাৰ আৰ্টছ এণ্ড চায়েন্সেছ এ অস্কাৰ বঁটা বিজয়ী উইল স্মিথৰ বিৰুদ্ধে এতিয়া বিহিত ব্যৱস্থা গ্ৰহণ কৰিছে ৷ একাডেমীয়ে হলীউডৰ অভিনেতাজনক পৰৱৰ্তী বছৰৰ বাবে বহিস্কাৰ কৰিছে অস্কাৰ সমাৰোহৰ পৰা ৷

উল্লেখ্য যে, ৯৪ সংখ্যক অস্কাৰ বঁটা প্ৰদান অনুষ্ঠানত উইল স্মিথে তেওঁৰ ছবি ‘কিং ৰিচাৰ্ড’ত তেওঁ কৰা অভিনয়ৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ অস্কাৰ বঁটা লাভ কৰিছিল ।