Local, Vocal, Global

Fake Gold And fake Currency Seized in Guwahati : কাহিলীপাৰাত উৎখাত জাল নোট,নকল সোণৰ কাৰখানা, দুজনক গ্ৰেপ্তাৰ

নিউজ ডেস্ক, ৮ আগষ্ট : ৰাজ্যত অব্যাহত আছে নকল নোট আৰু নকল সোণৰ বেহা (Fake Gold And fake Currency Seized in Guwahati ) । নাওবৈচা পৰা গুৱাহাটী পালেহি জাল নোট-নকল সোণৰ কাৰখানা । নাওবৈচাৰ পৰা দুই চোৰাং ব্যৱসায়ীয়ে গুৱাহাটীত পাতিছিল ঘাটি । লখিমপুৰৰ পৰা চাৰিমাহ পূৰ্বে গুৱাহাটীলৈ আনিছিল এই ঘাটি। নিশা ভগদত্তপুৰ আৰক্ষীয়ে এই ঘাটি উৎখাত কৰিবলৈ সক্ষম হয়(Fake Gold And fake Currency Seized in Guwahati )।

সোমবাৰে নিশা মহানগৰীৰ কাহিলীপাৰাৰ ভগদত্তপুৰত এক গোপন সূত্ৰৰ তথ্যৰ আধাৰত অভিযান‌ চলাই আৰক্ষীয়ে । আৰক্ষীৰ অভিযান‌ত কাহিলীপাৰাৰ দক্ষিণগাঁৱৰ গৃহ নং ২০ ৰ এটা ভাড়াঘৰত বুজন পৰিমাণৰ নকল নোটসহ নকল টকা প্ৰস্তুত কৰা মেচিন জব্দ কৰা হৈছে (Fake Notes, Gold Items Recovered, 2 Held In Kahilipara Raid)।

অভিযানত জব্দ কৰে নকল নোট, নকল সোণ, নকল টকা বনোৱা মেচিন , সোণৰ টুকুৰা, যীশু খ্ৰীষ্টৰ এটা মূৰ্তিৰ লগতে চাৰি পাত সোণৰ খাৰু । আৰক্ষীয়ে জব্দ কৰা নকল টকাৰ পৰিমাণ ১ লাখ ৩ হাজাৰ টকাৰ ৫০০ টকা বুলি জানিব পৰা গৈছে ।

এই অভিযানত আৰক্ষীয়ে লগতে উদ্ধাৰ কৰে টকা বনোৱা মেচিনৰ লগতে তিনিটা ম’বাইল ফোন। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৰচিদুল হক আৰু ফাৰুক আহমেদ নামৰ দুজন লোকক। ধৃত লোক দুজনৰ ঘৰ লখিমপুৰৰ বিহপুৰীয়াত । বিগত চাৰি মাহ ধৰি কাহিলীপাৰাৰ দক্ষিণগাঁৱৰ গৃহ নং ২০ ত ভাড়াতিয়া হিচাপে থাকি অবৈধ্যভাৱে কাৰ্যকলাপ কৰি আছিল বুলি জানিব পৰা গৈছে ।

উল্লেখযোগ্য এছ আই জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাৰ সৈতে সাঙোৰ খাইছিল নকল সোণৰ বেহাৰ ঘটনা। নকল সোণ আৰু জাল নোটৰ বিৰুদ্ধে চলোৱা যুঁজেই কাল হ’ল নেকি জোনমণি ৰাভাৰ, তাক লৈও প্ৰশ্ন উত্থাপন হৈছিল।

লগতে পঢ়ক : Child Abuse case in Tinsukia : বনকৰা কিশোৰীৰ শৰীৰত গৰম পানী ঢালি অত্যাচাৰ এগৰাকী ছাত্র নেতাৰ