Local, Vocal, Global

Child Abuse case in Tinsukia : বনকৰা কিশোৰীৰ শৰীৰত গৰম পানী ঢালি অত্যাচাৰ এগৰাকী ছাত্র নেতাৰ

তিনিচুকীয়া, ৮ আগষ্ট : কাকপথাৰত পোহৰলৈ আহিছে এক ভয়ংকৰ ঘটনা(Child Abuse case in Tinsukia) ৷ কাকপথাৰত বনকৰা কিশোৰীক নিৰ্যাতনৰ ঘটনা। এগৰাকী ছাত্র নেতাৰ বিৰুদ্ধে উত্থাপন হৈছে এই অভিযোগ (Allegation against AATSA leader in tinsukia)।

তিনিচুকীয়া কাকপথাৰত সংঘটিত হৈছে এনে এক ঘটনা । এগৰাকী ছাত্ৰ নেতাৰ বিৰুদ্ধে বনকৰা কিশোৰীক গৰম পানী ঢলাৰ অভিযোগ উত্থাপিত হৈছে (Allegation against AATSA leader in tinsukia)। কিশোৰীগৰাকীয়ে আৰক্ষীৰ আগত স্বীকাৰ কৰিছে এই কথা ৷ নিশাই ছাত্ৰ নেতা মনেশ্বৰ চাওৰাক আটক কৰে আৰক্ষীয়ে(Student leader Maneshwar Chaora Arrested)।

চাহ জনজাতি ছাত্ৰ সন্থা (AATSA) তিনিচুকীয়া জিলা সমিতিৰ সাংগঠিক সম্পাদক মনেশ্বৰ চাওৰাই বনকৰা বাৰ বছৰীয়া কিশোৰীগৰাকীক সোমাবাৰে পুৱা কাকপথাৰৰ বাসগৃহত গৰম পানী ঢালি অত্যাচাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে কিশোৰীগৰাকীয়ে ৷ কিশোৰীগৰাকীয়ে অভিযোগ কৰা মতে, মনেশ্বৰ চাওৰাৰ পত্নীয়েও চলাইছিল শাৰীৰিক অত্যাচাৰ।

উল্লেখ্য যে মনেশ্বৰ চাওৰাৰ পত্নী এগৰাকী শিক্ষয়িত্ৰী(Child Abuse case in Tinsukia) ৷ কিশোৰীগৰাকীৰ ঘৰ ডিব্ৰুগড়ৰ মৰাণৰ পথালিবামত বুলি জানিব পৰা গৈছে ৷ এগৰাকী ছাত্ৰ সংগঠনৰ নেতাই এনে অমানৱীয় ঘটনা সংঘটিত কৰাৰ অভিযোগ উত্থাপন হোৱাৰ পাছত অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷

আৰক্ষীয়ে আটছা নেতা মনেশ্বৰ চাওৰাক আটক কৰাৰ লগতে বনকৰা কিশোৰীগৰাকীক উদ্ধাৰ কৰি নিশাই তিনিচুকীয়াৰ চাইল্ড লেবাৰ প্ৰটেকচন চেণ্টাৰলৈ প্ৰেৰণ কৰে। ইতিমধ্যে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত কাকপথাৰ আৰক্ষীয়ে নিজাববীয়াকৈ ৰুজু কৰিছে গোচৰ। আজি আদালতত হাজিৰ কৰিব শিশু নিৰ্যাতনকাৰী আটছা নেতা মনেশ্বৰ চাওৰাক ৷

লগতে পঢ়ক : Kaziranga National Park : টয়টা কোম্পানীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ আগবঢ়ালে এখন টয়টা বাহন