Local, Vocal, Global

Bombings in Pakistan : পাকিস্তানত বোমা বিস্ফোৰণত নিহত কেন্দ্ৰীয় পৰিষদৰ অধ্যক্ষসহ ৭ জন লোক

ইণ্টাৰনেশ্যনেল ডেস্ক, ৮ আগষ্ট : পাকিস্তানত বন্ধ হোৱা নাই সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ঘটনা । বেলুচিস্তানৰ পাঞ্জগুৰত পুনৰ সংঘটিত হৈছে সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনা । সোমবাৰে নিশা বেলুচিস্তানৰ পাঞ্জগুৰ জিলাত এখন বাহনক লক্ষ্য কৰি কৰা লেণ্ডমাইন বিস্ফোৰণত কেন্দ্ৰীয় পৰিষদৰ (UC) অধ্যক্ষসহ কমেও সাতজন লোক নিহত হয় বুলি বিষয়াসকলে জানিবলৈ দিয়ে(7 killed in multiple bombings in Pakistan) ।

প্ৰকাশিত খবৰ অনুসৰি, ইতিমধ্যে সোমবাৰৰ নিশা বেলুচিস্তানৰ পাঞ্জগুৰ জিলাত স্থাপন কৰা লেণ্ডমাইনটোৰ লক্ষ্য আছিল কেন্দ্ৰীয় পৰিষদৰ অধ্যক্ষ ইষ্টিয়াক ইয়াকুব কঢ়িয়াই অনা বাহনখন । এই আক্ৰমণত কেন্দ্ৰীয় পৰিষদৰ অধ্যক্ষকে ধৰি কমেও ৭ জন লোক নিহত হয় (UC chairman among 7 killed in blast in Balochistan’s Panjgur) ।

পাঞ্জগুৰৰ উপ আয়ুক্ত আমজাদ সোমৰ’ই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে, দুষ্কৃতিকাৰীয়ে এখন বাহনক লক্ষ্য কৰি ৰিম’ট বিস্ফোৰক যন্ত্ৰ স্থাপন কৰিছিল । যাৰ লক্ষ্য আছিল ইউ চিৰ অধ্যক্ষৰ গাড়ী । তেওঁ জনোৱা মতে, বাহনখন বালগটাৰ অঞ্চলৰ চ’ক বজাৰত উপস্থিত হোৱাৰ লগে লগে যন্ত্ৰটো বিস্ফোৰিত হয় ৷ বিস্ফোৰণত নিহত কেইজন মহম্মদ ইয়াকুব, ইব্ৰাহিম, ৱাজিদ, ফিদা হুছেইন, ছাৰফৰাজ আৰু হাইদৰ বুলি চিনাক্ত কৰা হৈছে । আটাইকেইজনেই বালতাগৰ আৰু পাঞ্জগুৰিৰ বাসিন্দা আছিল ।

বিস্ফোৰণ সন্দৰ্ভত তদন্ত অব্যাহত আছে বুলিও জানিব পৰা গৈছে । সমগ্ৰ দেশতে বিশেষকৈ খাইবাৰ পখতুনখোৱা আৰু বেলুচিস্তানত সন্ত্ৰাসবাদী কাৰ্যকলাপ বৃদ্ধি পোৱাৰ সময়তে এই আক্ৰমণ সংঘটিত হৈছে । নৱেম্বৰ মাহত নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠন তেহৰিক-ই-তালিবান পাকিস্তানে চৰকাৰৰ সৈতে যুদ্ধবিৰতিৰ অন্ত পেলাইছিল ।

২০১৪ চনৰ ছেপ্টেম্বৰ মাহত একেটা অঞ্চলতে ইছহাক বালাগত্ৰীৰ পিতৃ ইয়াকুব বালাগাট্ৰি আৰু তেওঁৰ ১০ জন সংগীকো হত্যা কৰা হৈছিল । এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰে নিষিদ্ধ বেলুচ লিবাৰেশ্যন ফ্ৰণ্টে (Baloch Liberation Front (BLF)) । এক্সপ্ৰেছ ট্ৰিবিউনৰ প্ৰতিবেদন অনুসৰি আজিৰ এই ঘটনাত একেটা সংগঠনকে জড়িত থকাৰ আশংকা কৰিছে ।

লগতে পঢ়ক : No confidence motion in Parliament : ৰাহুল গান্ধীয়ে আজি বিজেপি নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আৰম্ভ কৰিব