Website Design: dastechnologies.in
লংকাত বজ্ৰপাতত গুৰুতৰভাৱে আহত এগৰাকী মহিলা। লংকাৰ শ্যামবাৰীত বজ্ৰপাতত গুৰুতৰভাৱে আহত হয় শিল্পী বিশ্বাস নামৰ এগৰাকী মহিলা। দেওবাৰে দুপৰীয়া পথাৰত ধান ৰুই থকা অৱস্থাতে বজ্ৰপাত গুৰুতৰ ভাৱে আহত হয় মহিলাগৰাকী ।মহিলাগৰাকীক পৰিয়ালৰ লোকে লগে লগে লংকাৰ লংকেশ্বৰী হাস্পাতালত ভৰ্তি কৰাত সম্প্ৰতি সংকটমুক্ত বুলি জানিব দিছে চিকিৎসকে ।