Local, Vocal, Global

মৰণফান্দত পৰিণত কমলপুৰৰ গুৰুত্বপূৰ্ণ গড়কাপ্তানী পথ

এজাক বৰষুণতে জলমগ্ন হোৱা কমলপুৰৰ গুৰুত্বপূৰ্ণ গড়কাপ্তানী পথত স্থানীয় লোক সকলে এতিয়া যাতায়ত কৰিবলৈ ভয় কৰা হৈছে ।পথচোৱাত ঠায়ে ঠায়ে একাঠু পৰ্যন্ত পানী।এই পথত  ইতিমধ্যে কেইবাটাও দুৰ্ঘটনা সংঘটিত হৈছে লগতে কেইবাজনো লোকে চিকিৎসাধীন হবলগীয়া হৈছে। একপ্ৰকাৰ পথাচাৰী সকলৰ বাবে যেন মৰণফান্দত পৰিণত হৈছে পথটো । এই ক্ষেত্ৰত কমলপুৰৰ সহকাৰী কাৰ্যবাহী অভিযন্তা গৰাকীয়েও লোৱা নাই কোনো ধৰনৰ পদক্ষেপ । যাৰবাবে পথটোৰে চলাচল কৰা প্ৰতিখন যানবাহন তথা পথচাৰীয়ে  বিপদসংকুল ভাবে যাত্ৰা কৰিব লগীয়া হৈছে । বাৰিষা-খৰালি এজাক বৰষুণতে জলমগ্ন হৈ পৰে এই পথটো । কেইটামান পৰিয়ালে জধে-মধে পকী বেৰ দিয়াৰ বাবে পানী ওলাই যোৱাৰ ব্যৱস্থা নথকাত এনেদৰে পথটোত আৱদ্ধ হৈ থাকে একাঠু পৰ্যন্ত পানী । এই ক্ষেত্ৰত চকু-মুদা কুলিৰ ভাও গ্ৰহণ কৰি আহিছে স্থানীয় প্ৰশাসনে । উল্লেখযোগ্য যে  ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ কোনো কাৰণত বন্ধ হৈ পৰিলে এই পথটো বিকল্প পথ হিচাপে ব্যৱহাৰ কৰি আহিছে । এই পথটোৱে বিদেশী ৰাষ্ট্ৰ ভূটানকো সংযোগ কৰিছে । পথচোৱাৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি শীঘ্ৰে ইয়াক যাতায়তৰ উপযোগী কৰি তুলিবলৈ  সংশ্লিষ্ট কৰ্তৃপক্ষক দাবী জনাইছে স্থানীয় ৰাইজে।