Website Design: dastechnologies.in
হাজো বিষ্ণুৰাম মেধি সামূহিক স্বাস্থ্য কেন্দ্ৰত কৰ্মৰত দুজন স্বাস্থ্যকৰ্মীৰ দেহত ধৰা পৰিছে কভিড পজিটিভ । স্বাস্থ্যকৰ্মী ধীৰেণ হালৈ আৰু নাৰ্চ পিংকী কুমাৰীৰ দেহত ধৰা পৰিছে কভিড পজিটিভ । ২ জুনত তেওঁলোকৰ স্বাৱ সংগ্ৰহ কৰা হৈছিল। আৰু আজি ফলাফল অহাত দুয়োগৰাকীৰে দেহত কভিড পজিটিভ ধৰা পৰে বুলি জানিব দিছে হাজো স্বাস্থ্য বিভাগে । বৰ্তমান দুয়োগৰাকীকে কভিড চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।
আনহাতে কামৰূপৰ দামপুৰ আৰু বৰলাহত প্ৰথমটো কভিড পজিটিভৰ খবৰ পোৱা গৈছে । দামপুৰৰ এগৰাকী চিকিৎসকৰ দেহত ধৰা পৰিছে কভিড পজিটিভ ।বৰপেটাৰ কলগাছীয়াত কৰ্মৰত চিকিৎসকগৰাকী যোৱা ২ জুনত ঘৰলৈ আহিছিল। চিকিৎসক জনৰ নাম ডাঃ আবু চাহিদ আখতাৰ। আজি তেখেতৰ দেহত কভিড পজিটিভ ধৰা পৰাৰ পিচতেই শিঙিমাৰী চিকিৎসালয়ত ভৰ্তী কৰা হয় চিকিৎসকগৰাকীক।
আনহাতে কামৰূপৰ বৰলাহৰ জ্যোৰ্তিময় দাসৰ দেহতো ধৰা পৰিছে কভিড পজিটিভ । ২৪ বছৰীয়া জ্যোৰ্তিময় গুৱাহাটীৰ এটা ব্যক্তিগত কোম্পানীত কৰ্মৰত। স্বাৱ সংগ্ৰহ কৰাৰ পিচত নিজ ঘৰতেই হোম কোৱাৰেন্টিনত আছিল জ্যোৰ্তিময় । তেখেতৰ দেহতো আজি কভিড-১৯ পজিটিভ ধৰা পৰাৰ পিছত শিঙিমাৰীৰ কভিড চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।